কৰিমগঞ্জ,28 ফেব্ৰুৱাৰীঃ কৰিমগঞ্জত পেলুৰ দৰবৰ নামত কি দিছে ছাত্ৰ-ছাত্ৰীক । ৰাজ্যৰ স্বাস্থ্য বিভাগে বিগত 4 ফেব্ৰুৱাৰীত কৰিমগঞ্জৰ প্ৰাথমিক বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিতৰণ কৰিছিল ALBENDAZOLE নামৰ এবিধ পেলুৰ দৰব । এই দৰবটো ছাত্ৰ-ছাত্ৰীসকলক 24 ঘণ্টা পানীত তিয়াই থৈ খাবলৈ পৰামৰ্শ আগবঢ়াইছিল শিক্ষকে । কিন্তু 24ঘণ্টা পানীত তিয়াই থোৱাৰ পাচতো পানীৰ লগত মিহলি ন'হল স্বাস্থ্য বিভাগৰ পৰা ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়াকৈ বিতৰণ কৰা পেলুৰ দৰবটো । ইতিমধ্যে এই দৰৱটো সেৱন কৰিছে বহুতো ছাত্ৰ-ছাত্ৰীয়ে । যাৰ বাবে শংকিত হৈছে অভিভাৱকসকল ।
কৰিমগঞ্জত ছাত্ৰ-ছাত্ৰীৰ পেলুৰ দৰবক লৈ শংকা - karimganj
জয়পুৰৰ বিবেক ফাৰ্মাচেম নামৰ এটা কোম্পানীৰ পৰা যোগান ধৰিছিল এই পেলুৰ দৰব
karimganj
উল্লেখ্য যে, জয়পুৰৰ বিবেক ফাৰ্মাচেম নামৰ এটা কোম্পানীৰ পৰা যোগান ধৰিছিল এই পেলুৰ দৰব ।