অসম

assam

ETV Bharat / state

এয়া কেৱল টকা লোৱা ভোট দিয়া ব্যৱস্থা, ক'ত গ'ল নৰেন্দ্ৰ মোডীৰ সুশাসনঃ ছিয়া টায়া - Cash Seized

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অৰুণাচল ভ্ৰমণৰ পূৰ্বেই অৰুণাচলৰ পাছিঘাটত ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰীৰ ব্যক্তিগত বাহনৰ পৰা উদ্ধাৰ হয় ১.৮ কোটি টকা । নিৰ্বাচনৰ পূৰ্বে এইদৰে টকা উদ্ধাৰ হোৱাটো গণতন্ত্ৰৰ বাবে অশুভ লক্ষণ আখ্যা অৰুণাচল প্ৰদেশ কংগ্ৰেছৰ

ছিয়া টায়া

By

Published : Apr 3, 2019, 7:31 PM IST

ইটানগৰ, ৩ মাৰ্চঃ লোকসভা নিৰ্বাচনৰ পূৰ্বেই উত্তাল হৈ পৰিছে অৰুণাচল প্ৰদেশৰ ৰাজনীতি । ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী চৌনা মিনৰ ব্যক্তিগত বাহনৰ পৰা ১.৮ কোটি টকা উদ্ধাৰ হোৱাক লৈ ৰাজ্যখনৰ লগতে সমগ্ৰ দেশৰে ৰাজনীতি উত্তাল হৈ পৰিছে ।

মঙলবাৰে নিশাৰ ভাগত ৰাজ্যিক নিৰ্বাচনী বিষয়াৰ তৎপৰতাত উপ-মুখ্যমন্ত্ৰীৰ AR-01K-0009 নম্বৰৰ ব্যক্তিগত বাহনৰ পৰা এইদৰে উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ ধনৰাশি । আনহাতে এই ঘটনাৰ পাছতেই বৰ্তমান সময়লৈকে নিৰ্বাচনী বিষয়াই কোনো মন্তব্য কৰা নাই যদিও ৰাজ্যিক কংগ্ৰেছে বিয়লিৰ ভাগত এখনসংবাদ মেল সম্বোধন কৰে । সংবাদ মেলত অংশগ্ৰহণ কৰেঅৰুণাচল প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ছিয়া টায়াই ।

ছিয়া টায়া
যিটো সময়ক দূৰ্নীতিমুক্ত নিকা নিৰ্বাচন অনুষ্ঠিত কৰাটো সকলোৰে দায়িত্ব আৰু কৰ্তব্য তেনেস্থলত শাসনাধীষ্ঠিত বিজেপি দলৰ এগৰাকী উপ-মুখ্যমন্ত্ৰীৰ ব্যক্তিগত বাহনৰ পৰা টকা উদ্ধাৰ হোৱা ঘটনাটো অতিকে দুৰ্ভাগ্যজনক আৰু কংগ্ৰেছ দলে ইয়াক তীব্ৰ ভাষাৰে গৰিহণা দিছো বুলি কয় টায়াই । তেওঁ লগতে কয় যে, নিৰ্বাচনৰ বাবে বাহুবল আৰু ধনবল দুয়োটাই অতিকে দুৰ্ভাগ্যজনক । বিজেপিয়ে চৰকাৰী যন্ত্ৰক বিপথে পৰিচালনা কৰি এইদৰে হেলিকপ্টাৰ আৰু ব্যক্তিগত বাহনেৰে ভোটাৰ ৰাইজৰ মাজত টকা বিতৰণ কৰি আহিছে । যিটো সময়ত দেশৰ প্ৰধানমন্ত্ৰী চকীদাৰৰ ধাৰণা আনিছে, তেনে সময়ত এইদৰে টকা বিলোৱাটো কি ব্যৱস্থাৰ প্ৰতীক, এয়া কেৱল টকা লোৱা ভোট দিয়া ব্যৱস্থা । ইয়াৰ উত্তৰ প্ৰদান কৰিব লাগিব, সুশাসনৰ কথা কোৱা প্ৰেমা খাণ্ডু আৰু নৰেন্দ্ৰ মোডীয়ে ।

উল্লেখ্য যে,বুধবাৰে দিনৰ ভাগত অৰুণাচলত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । অৰুণাচল প্ৰদেশ বিজেপিৰ সভাপতি টাপিৰ গাৱৰ হৈ ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

ABOUT THE AUTHOR

...view details