উগ্ৰতাৰা দেৱালয়ত প্ৰতিষ্ঠা হ'ল দেৱীৰ বিগ্ৰহ - উগ্ৰতাৰা মহোৎসৱ
উগ্ৰতাৰা দেৱালয়ত উখল-মাখল পৰিৱেশ ৷ সম্পূৰ্ণ বৈদিক নীতি নিয়মেৰে প্ৰতিষ্ঠা চুৰি হোৱা পূৰণি বিগ্ৰহৰ লগতে নতুনকৈ নিৰ্মাণ কৰি অনা অষ্টধাতুৰ বিগ্ৰহ ৷
গুৱাহাটী, 23 মে' : উগ্ৰতাৰা দেৱালয়ত উখল-মাখল পৰিৱেশ ৷ জাগ্ৰত দেৱালয়খনৰ অষ্টধাতুৰ বিগ্ৰহ চুৰি হোৱাৰ দিন ধৰি বিগত 6 মাহে মাৰ আসন উকা হৈ থকা দেৱালয়খনত আজি প্ৰতিষ্ঠা কৰা হয় দেৱীৰ বিগ্ৰহ ৷ সম্পূৰ্ণ বৈদিক নীতি নিয়মেৰে প্ৰতিষ্ঠা কৰা হয় চুৰি হোৱা পূৰণি বিগ্ৰহৰ লগতে নতুনকৈ নিৰ্মাণ কৰি অনা অষ্টধাতুৰ বিগ্ৰহ ৷ বিগ্ৰহ প্ৰতিষ্ঠা কাৰ্যসূচীৰ লগত সংগতি ৰাখি দেৱালয়খনত আয়োজন কৰা হয় উগ্ৰতাৰা মহোৎসৱৰ ৷ মহোৎসৱ উপলক্ষে দেৱালয়খনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে ভিৰ কৰে অগণন ভক্তই ৷ পুৱা শোভাযাত্ৰাৰে অনুষ্ঠানৰ কাৰ্যসূচী শুভাৰম্ভ কৰা হয় ৷