অসম

assam

ETV Bharat / state

NRCৰ নামত ঘোচ লৈ গ্ৰেপ্তাৰ দুই বিষয়া - চয়েদ চাহজাহান

বিদেশী ন্যায়াধিকৰণৰ ভয় দেখুৱাই ৰাজ্যত NRCৰ নামত এতিয়া গঢ়ি উঠিছে এখন বৃহৎ ক'লা বজাৰ ৷ তেনে এক কাণ্ড সংঘটিত কৰি বৃহস্পতিবাৰে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল গণেশগুৰি NRC সেৱা কেন্দ্ৰৰ দুই কৰ্মচাৰী ৷

NRCৰ নামত ঘোচ লৈ গ্ৰেপ্তাৰ দুই NRC ৰ বিষয়া

By

Published : Jun 13, 2019, 9:35 PM IST

গুৱাহাটী, 13 জুনঃ বিদেশী ন্যায়াধিকৰণৰ ভয় দেখুৱাই ৰাজ্যত NRCৰ নামত এতিয়া গঢ়ি উঠিছে এখন বৃহৎ ক'লা বজাৰ ৷ খচৰাত নাম নথকা একাংশ ভুক্তভোগীক বিদেশী ন্যায়াধিকৰণৰ ভয় দেখুৱাই ধন দাবী কৰি আহিছে NRCৰ একাংশ বিষয়া-কৰ্মচাৰীয়ে ৷ তেনে এক কাণ্ড সংঘটিত কৰি বৃহস্পতিবাৰে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল গণেশগুৰি NRC সেৱা কেন্দ্ৰৰ দুই কৰ্মচাৰী ৷ ক্ষেত্ৰ পৰ্যায়ৰ বিষয়া চয়েদ চাহজাহানৰ লগতে গ্ৰেপ্তাৰ হ'ল সহকাৰী স্থানীয় নাগৰিক পঞ্জীয়ক ৰাহুল পৰাশৰ ৷

NRCৰ নামত ঘোচ লৈ গ্ৰেপ্তাৰ দুই NRC ৰ বিষয়া

উল্লেখ্য যে, কলকাতাৰ কাজোৰি ঘোষ দত্ত নামৰ মহিলাগৰাকী ২০০৬ চনত বিবাহ সূত্ৰে গুৱাহাটীৰ বাসিন্দা হৈছিল ৷ NRCত শহুৰৰ লিগেছী ব্যৱহাৰ কৰা বাবেই খচৰাত নাম অহা নাছিল মহিলাগৰাকীৰ ৷পিছত কলকাতাৰ ভোটাৰ কাৰ্ডসহ অন্য নথিসমূহৰ পৰীক্ষাও সম্পন্ন হৈছিল মহিলাগৰাকীৰ ৷ তথ্য অনুসৰি ২৯ মে'ত গড়চুকৰ NRC কেন্দ্ৰত সম্পন্ন হৈছিল নথি পৰীক্ষা ৷ কিন্তু এই প্ৰক্ৰিয়াৰ শেহতীয়া স্থিতি জানিবলৈ আহোতে গণেশগুৰিৰ সেৱাকেন্দ্ৰৰ দুই বিষয়াই বিদেশী ন্যায়াধীকৰণৰ ভয় দেখুৱাইছিল মহিলাগৰাকীক ৷ আৰু Ofline যোগে NRCত নাম অন্তৰ্ভূক্ত কৰাৰ প্ৰতিশ্ৰুতিৰে ১০ হাজাৰ টকাৰ ঘোচ বিচাৰিছিল ৷ ৭ জুনত দুই বিষয়াই মহিলাগৰাকীৰ পৰা ঘোচ বিচাৰিছিল আৰু তাৰ পিছতেই মহিলাগৰাকী কাষ চাপিছিল দুৰ্নীতি নিবাৰক শাখাৰ ৷ বৃহস্পতিবাৰে পুৱা গণেশগুৰি NRC সেৱাকেন্দ্ৰত ১০ হাজাৰ টকা উৎকোচ লোৱা অৱস্থাত হাতে-লোটে ধৰা পৰি গ্ৰেপ্তাৰ হয় দুয়োজন বিষয়া ৷


লগতে পঢ়কঃ ৰাকেশ পালৰ জামিন আবেদন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ABOUT THE AUTHOR

...view details