গুৱাহাটী, 20 জুলাই : লাহে লাহে অসমৰ বান পৰিস্থিতি স্বাভাৱিকৰ ফালে অগ্ৰসৰ হৈছে যদিও বানৰ কবলত মৃতকৰ সংখ্যা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে ৷ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনাৰ তথ্য অনুসৰি শনিবাৰে মুঠ 12 জনকৈ লোকে বানৰ ফলত মৃত্যুক সাৱটি লৈছে ৷ ইয়াৰ ফলত বৰ্তমানলৈকে মৃতকৰ সংখ্যা 60 জনলৈ বৃদ্ধি পাইছে ৷ নলবাৰী, ধুবুৰী আৰু দক্ষিণ শালমৰাত এজনকৈ ব্যক্তি মৃত্যু হোৱাৰ লগতে বৰপেটাত তিনিজন, মৰিগাঁৱত পাঁচজন ব্যক্তিয়ে যোৱা ২৪ ঘণ্টাত মৃত্যুক আঁকোৱালি লৈছে ৷ ২ গৰাকীকৈ ব্যক্তিৰ ভূমিস্খলনৰ ফলত মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে ৷
আৰু 12 জনৰ মৃত্যু : মৃতকৰ সংখ্যা 60 লৈ বৃদ্ধি - অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা
ৰাজ্যৰ বান পৰিস্থিতি কিছু পৰিমাণে উন্নত হৈছে যদিও যোৱা 24 ঘন্টাত আৰু 12 জন লোকে মৃত্যুক সাৱটি লৈছে ৷ ইয়াৰ ফলত মৃতকৰ সংখ্য়া 60 জনলৈ বৃদ্ধি পাইছে ৷
আৰু 12 জনৰ মৃত্যু : মৃতকৰ সংখ্যা 60 লৈ বৃদ্ধি
উল্লেখ্য যে, ব্ৰহ্মপুত্ৰ নদী বৰ্তমানেও যোৰহাট জিলাৰ নিমাতিঘাট, গোৱালপাৰা আৰু ধুবুৰীত বিপদ সীমাৰ ওপৰেদি বৈ গৈছে ৷ আনহাতে, ধনশিৰী নৈ গোলাঘাট জিলাৰ নুমলীগড় আৰু কপিলী নৈ নগাঁও জিলাৰ ধৰমতুলত বিপদ সীমাৰ ওপৰেৰে বৈ আছে । ৰাজ্যৰ বান পৰিস্থিতি কিছু পৰিমাণে উন্নত হৈছে যদিও 33 খন জিলাৰ ২৪ খনৰে ৭৭ টা ৰাজহ চক্ৰৰ মুঠ ৩,০২৪ খন গাঁৱৰ ৪৪,০৮,১৪২ সংখ্যক লোক এতিয়াও বানৰ কবলত ৷