অসম

assam

By

Published : Mar 10, 2020, 9:41 AM IST

ETV Bharat / state

শিলচৰত আৱিৰৰ পৰিৱৰ্তে ফুলেৰে হোলী উদযাপন

কাছাৰ জিলাৰ শিলচৰত ব্যতিক্ৰমী হোলী উৎসৱ ৷ আৱিৰৰ সলনি এজনে আনজনক ফুল চটিয়াই হোলী উদযাপন কৰিছে শিলচৰবাসীয়ে ৷

unique flower holi at Silchar
শিলচৰত আৱিৰৰ পৰিৱৰ্তে ফুলেৰে হোলী উদযাপন

শিলচৰ,10 মাৰ্চঃ হোলী মানেই আৱিৰৰ উৎসৱ ৷ এজনে আনজনক আৱিৰ সানি আনন্দ-স্ফূৰ্তি কৰা হয় হোলী উৎসৱত ৷ কিন্তু শিলচৰত দেখিবলৈ পোৱা গ'ল এক ব্যতিক্ৰমী পৰিৱেশ ৷ কাৰণ শিলচৰত আৱিৰৰ সলনি ফুলেৰে উদযাপন কৰা হৈছে হোলী উৎসৱ ৷ শিলচৰৰ আৰ্য সস্কৃতি বোধনীনামৰ সংস্থাটোৱে প্ৰায় 15 বছৰৰ পৰাই এনেদৰে এজনে আনজনক ৰঙবিৰঙী ফুল চটিয়াই হোলী উদযাপন কৰি আহিছে ৷ গৌতম ভট্টাচাৰ্যৰ তত্ত্বাৱধানত গঠন হোৱা সংস্থাটোৱে বিশেষ উদেশ্যৰে এনেদৰে বিগত 15 বছৰৰ পৰা ফুলৰ হোলী উদযাপন কৰি আহিছে ৷ সংস্থাটোৱে জনোৱা মতে, ক্ষতিকাৰক ৰঙৰ পৰা হ'ব পৰা অপকাৰ আৰু ৰং সনাৰ গইনা লৈ যুৱক-যুৱতীক নিৰ্যাতন কৰাৰ বিৰোধিতাৰে সমাজলৈ নতুন বাৰ্তা কঢ়িওৱাৰ উদেশ্যে এনেদৰে ফুলেৰে হোলী উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে সংস্থাটোৱে ৷

শিলচৰত আৱিৰৰ পৰিৱৰ্তে ফুলেৰে হোলী উদযাপন

ABOUT THE AUTHOR

...view details