অসম

assam

ETV Bharat / state

কোকৰাঝাৰৰ পৰা দুই সন্তানক উদ্ধাৰ কৰিলে মাতৃয়ে

স্বামীৰ অবৈধ প্ৰেমৰ বাবেই স্বামীৰ অত্যাচাৰ সহ্য কৰিবলগীয়া হৈছিল শিলচৰৰ এগৰাকী মহিলাই ৷ ড্ৰীম চেলিব্ৰেচনৰ সহযোগত নিজৰ দুই সন্তানক উদ্ধাৰ কৰিবলৈ সক্ষম হয় মহিলাগকাকী ৷

কোকৰাঝাৰৰ পৰা দুই সন্তানক উদ্ধাৰ কৰিলে মাতৃয়ে
কোকৰাঝাৰৰ পৰা দুই সন্তানক উদ্ধাৰ কৰিলে মাতৃয়ে

By

Published : Feb 5, 2021, 7:45 AM IST

শিলচৰ,ফেব্ৰুৱাৰী :শিলচৰৰ এগৰাকী নিৰ্যাতিতা মহিলাই কোকৰাঝাৰৰ পৰা উদ্ধাৰ কৰিলে নিজৰ দুই সন্তানক ৷ এই উদ্ধাৰ অভিযানত মহিলাগৰাকীৰ সৈতে আছিল ড্ৰীম চেলিব্ৰেচন নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ সদস্য সকল ৷ উল্লেখ্য যে, 2021 চনত কোকৰাঝাৰৰ এজন ব্যক্তিৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল শিলচৰৰ মালুগ্ৰাম অঞ্চলৰ মধুমিতা দেৱ নামৰ মহিলাগৰাকী ৷ বিবাহৰ পাছৰে পৰাই তেওঁ স্বামীৰ সৈতে গুজৰাটৰ গান্ধীগ্ৰাম নামৰ ঠাইত থাকিবলগীয়া হৈছিল ৷ কিন্তু বিবাহৰ ঠিক এটা বছৰ পাচতেই স্বামীৰ অবৈধ প্ৰেমৰ বাবেই স্বামীৰ অত্যাচাৰ সহ্য কৰিবলগীয়া হৈছিল মধুমিতাই ৷

কোকৰাঝাৰৰ পৰা দুই সন্তানক উদ্ধাৰ কৰিলে মাতৃয়ে

মধুমিতাৰ দুই সন্তানৰ জন্মৰ পাচতেই স্বামীৰ নিৰ্যাতন সহ্য কৰিও স্বামী গৃহতেই আছিল মধুমিতা দেৱ ৷ লকডাউন শেষ হোৱাৰ পাচতেই এদিন মহিলাগৰাকীক স্বামীয়ে পুনৰ নিৰ্যাতন চলাই শিলচৰলৈ পঠিয়ায় দিয়ে ৷

শিলচৰৰ বিভিন্ন সামাজিক সংগঠন আৰু সাধাৰণ মানুহৰ সৈতে আলোচনা কৰি দুই সন্তানক উদ্ধাৰ কৰাৰ চেষ্টা অব্যাহত ৰাখে ৷ শেষত সামাজিক সংস্থা ড্ৰীম চেলিব্ৰেচনৰ সহযোগত দুই সন্তানক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে মহিলা গৰাকী ৷ লগতে স্বামীয়ে কৰা নির্যাতনৰ বিৰুদ্ধে অভিযোগ উত্থাপিত কৰিছে মহিলাগৰাকীয়ে ৷

লগতে পঢ়ক:ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দুৰ্নীতি সন্দৰ্ভত তদন্ত অব্যাহত

ABOUT THE AUTHOR

...view details