খেৰণিত নাবালিকা ধৰ্ষণকাৰীক এনকাউন্টাৰ
পশ্চিম কাৰ্বি আংলঙত এনকাউন্টাৰত আহত ধৰ্ষণৰ অভিযুক্ত (Rape accused injured in encounter)৷ দুটিকৈ শিশুক ধৰ্ষণ কৰাৰ অভিযোগত অভিযুক্ত হৰিন্দ্ৰ ৰামক গুলীয়াই আহত কৰে আৰক্ষীয়ে ৷ আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোঁতেই গুলীবিদ্ধ হয় অভিযুক্তটো ৷
কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনক অবৈধ আখ্যা ২৪ প্লাছ সংগঠনৰ
ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ সুবিধা অনুসৰি নিজাববীয়া নীতি অবিহনে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন (Election of Karbi Anglong autonomous Council) অনুষ্ঠিত কৰিবলৈ লোৱা বুলি দাবী 24 প্লাছ সংগঠনৰ ৷ এই নিৰ্বাচন অবৈধ বুলি দাবী কৰে সংগঠনটোৰ মুখপাত্ৰগৰাকীয়ে ৷
পুনৰ আৰক্ষীৰ আতিশয্য: কিশোৰটিয়ে চিঞৰিছে, আৰক্ষীয়ে মাথো মাৰিছে আৰু মাৰিছে...
লাহৰীঘাটত বিস্কুট চুৰিৰ অপৰাধত থানাৰ ভিতৰত কিশোৰৰ ওপৰত উপৰ্যুপৰি বেটৰ কোব আৰক্ষীৰ (Police thrash minor for stealing biscuits in Morigaon)। থানাৰ আৰক্ষীয়ে বেতেৰে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে কিশোৰটিক । জানিব পৰা মতে কিশোৰটিৰ বয়স ১৩ ৰ পৰা ১৪ বছৰৰ ভিতৰত ।
Murder in Barpeta: ভগ্নীৰ সন্মুখতে হত্যা কৰা হ’ল যুৱতী অধিবক্তাক
বৰপেটাত চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ ৰাজপথৰ ওপৰত জ্যেষ্ঠ ভগ্নীৰ সন্মুখতে হত্যাৰ বলি হ'ল এগৰাকী যুৱতী অধিবক্তা (Advocate murder in Barpeta)৷ তিনিজনীয়া দুৰ্বৃত্তৰ দলে চুৰীৰে হানি-খুঁচি হত্যা কৰে যুৱতী অধিবক্তাগৰাকীক ৷ হত্যাৰ বলি হোৱা অধিবক্তাগৰাকী ৰিণিমা বেগম ৷ বৰপেটাৰ সমীপৰ ভেল্লাত ঘৰ ৰিনিমা বেগমৰ ৷
১ এপ্ৰিলৰ পৰা ৰাজ্যত পুনৰ বৃদ্ধি পাব বিদ্যুৎ মাচুল
ল্যবৃদ্ধিয়ে কোঙা কৰা জনতাৰ মূৰত পুনৰ মূলবৃদ্ধিৰ মাধমাৰ । উৎকট গৰমৰ মাজতে ১ এপ্ৰিলৰ পৰা ৰাজ্যত পুনৰ বৃদ্ধি পাব বিদ্যুৎ মাচুল । ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব এই নতুন নিৰিখ । লোকচানৰ জোৰা-টাপলি মাৰিবলৈ মাচুল বৃদ্ধিত অনুমতি বিদ্যুৎ মাচুল নিয়ামক আয়োগৰ (power charges rise in Assam) ।