ড৹ নগেন শইকীয়াক অসমবাসীৰ ওচৰত ক্ষমা খুজিবলৈ ক'লে পৰেশ বৰুৱাই
বৰাক সন্দৰ্ভত ড৹ নগেন শইকীয়াই কৰা মন্তব্যৰ কঠোৰ সমালোচনা আলফা স্বাধীনৰ সভাপতি পৰেশ বৰুৱাৰ । ড৹ শইকীয়াই অসমবাসীৰ ওচৰত ক্ষমা খুজিব লাগে । বৰাকত অসমীয়া ভাষা চলিবই ৷ বাংলা ভাষা সহযোগী ভাষাহে ৷
টী 20 বিশ্বকাপ : ৱেষ্ট ইণ্ডিজক 6 উইকেটত পৰাস্ত কৰিলে ইংলেণ্ডে
চলিত টী 20 বিশ্বকাপৰ চুপাৰ 12 ৰ গ্ৰুপ প্ৰথমখন মেচত শনিবাৰে ৱেষ্ট ইণ্ডিজক 6 উইকেট পৰাস্ত কৰে ইংলেণ্ডে ৷ ৱেষ্ট ইণ্ডিজে আটাইকেইটা উইকেট হেৰুৱাই 55 ৰাণ সংগ্ৰহ কৰে ৷
টী 20 বিশ্বকাপ : আজি সমুখ সমৰত চিৰবৈৰী ভাৰত-পাকিস্তান
50 অভাৰৰ বিশ্বকাপৰ দৰে টী 20 বিশ্বকাপতো আজিপৰ্যন্ত পাকিস্তানৰ বিৰুদ্ধে অজেয় হৈ আছে ভাৰত ৷ টী 20 বিশ্বকাপত ইয়াৰ পূৰ্বেও পাঁচবাৰ দুয়োটা দল মুখামুখি হৈছে, য’ত ভাৰতে প্ৰতিখন মেচতে জয় লাভ কৰি আহিছে ৷
আক্ৰমণকাৰীক কৌশলেৰে প্ৰতিহত কৰি কাশ্মীৰ দখলত ভাৰতীয় সেনাক কেনেকৈ সহায় কৰিছিল মকবুলে ?
১৯৪৭ চনৰ ২২ অক্টোবৰত পাকিস্তানৰ জনজাতীয় আক্ৰমণকাৰীসকলে লক্ষ্য কৰি লৈছিল কাশ্মীৰক ৷ সেই সময়ত আক্ৰমণকাৰীসকলক কৌশলেৰে প্ৰতিৰোধ কৰিছিল কাশ্মীৰৰ 22 বছৰীয়া চফল ডেকা মকবুল শ্বেৰৱানীয়ে ৷ জানো আহক মকবুল শ্বেৰৱানীৰ ত্যাগ আৰু সাহসৰ অমৰ কাহিনী ৷
তিনি দিনৰ আৰক্ষীৰ জিম্মালৈ বৰাগাঁও হত্যাকাণ্ডৰ অভিযুক্ত দেৱযানী দাস
শনিবাৰে CJM আদালতত হাজিৰ কৰা হয় বৰাগাঁও হত্যাকাণ্ডৰ মূল অভিযুক্ত দেৱযানী দাসক । ইয়াৰ পাচতে দেৱযানী দাসক তিনি দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে আদালতে ৷ আৰক্ষীৰ সূত্ৰই সদৰী কৰা মতে, দেৱযানী দাস আৰু অন্তিমা গুপ্তাৰ মাজত কিবা কথাক লৈ কাজিয়াৰ সূত্ৰপাত হৈ মাৰপিট হয় । দেৱযানী দাসে লোৰৰ এডাল লাঠিৰে অন্তিমা গুপ্তাক মূৰত প্ৰহাৰ কৰাত গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হৈ পৰৱৰ্তী সময়ত মৃত্যুক আঁকোৱালী লয় অন্তিমা গুপ্তাই ৷