শিলচৰ, 26 ছেপ্টেম্বৰঃ ৰাজ্যত পুনৰ সোপাধৰাৰ আতংক ৷ সোপাধৰাৰ সন্দেহত যুৱকক গণ প্ৰহাৰ ৷ ৰাজ্য জোকাৰি যোৱা অভি নীল কাণ্ডৰ পৰা শিক্ষা নহ'ল ৰাজ্যৰ একাংশ লোকৰ ৷ সোপাধৰাৰ দৰে মধ্যযুগীয় অন্ধ বিশ্বাসত এতিয়াও বিশ্বাসী ৰাজ্যৰ বহু অঞ্চল ৷ বৃহস্পতিবাৰে কাছাৰ জিলাৰ ধলাই সমষ্টিৰ ক্লেভাৰ হাউচৰ ৰাইজে সোপাধৰাৰ সন্দেহত এজন অচিনাকী যুৱকক মাৰপিট কৰি আৰক্ষীক গটাই দিয়াৰ ঘটনা সংঘটিত হয় ৷
কাছাৰত সোপাধৰাৰ সন্দেহত যুৱকক গণ প্ৰহাৰ - সোপাধৰাৰ আতংক
সোপাধৰাৰ দৰে মধ্যযুগীয় অন্ধ বিশ্বাসত এতিয়াও বিশ্বাসী ৰাজ্যৰ বহু অঞ্চল ৷ কাছাৰ জিলাৰ ধলাই সমষ্টিৰ ক্লেভাৰ হাউচৰ ৰাইজে সোপাধৰাৰ সন্দেহত এজন অচিনাকী যুৱকক মাৰপিট কৰাৰ ঘটনা সংঘটিত হৈছে ৷
প্ৰাপ্ত তথ্য অনুসৰি, ক্লেভাৰ হাউচৰ জি পি কাৰ্যালয়ৰ সম্মুখত এজন অচিনাকী যুৱকে হাতত পুতলা সাপ লৈ খেল দেখুৱাই আছিল আৰু ওচৰতে থকা কেইগৰাকীমান শিশুৱে যুৱক জনৰ লগত খেল-ধেমালি কৰা আৰম্ভ কৰিছিল ৷ তেতিয়াই স্থানীয় কেইজনমান লোকে যুৱকজনক সোপাধৰাৰ সন্দেহত মাৰপিট কৰি আৰক্ষীক গতাই দিয়ে ৷ ইফালে আৰক্ষীয়ে যুৱকজনক থানা লৈ নি পৰিচয় সোধাৰ চেষ্টা কৰে যদিও যুৱকজনৰ পৰা একো কথা উলিয়াব নোৱাৰিলে ৷ তাৰ পাচতেই আৰক্ষীয়ে যুৱক জন মূকবধিৰ অথবা মানসিক ভাৰসাম্য নোহোৱা লোক হিচাপে সন্দেহ কৰে ৷ বৰ্তমান যুৱক জন সন্দৰ্ভত ধলাই আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷
ইফালে সোপাধৰাৰ কথা শুনি একাংশ উৎসুক ৰাইজে আহি ধলাই আৰক্ষী থানাত ভিৰ কৰা পৰিলক্ষিত হয় ৷ এনে পৰিস্থিতিত প্ৰশাসনে সোপাধৰাৰ দৰে এলান্ধুকলীয়া অন্ধ বিশ্বাসত আতংকিত নহ'বলৈ জনসাধাৰণক আহ্বান জনাইছে ৷