অসম

assam

By

Published : Jun 21, 2019, 1:51 PM IST

ETV Bharat / state

কাছাৰত নাহৰফুটুকীৰ আক্ৰমণত আহত দহ জন

কাছাৰৰ হৰিণা বস্তিত নাহৰফুটুকীৰ সন্ত্ৰাস, নাহৰফুটুকীৰ আক্ৰমণত আহত হয় ১০ জনকৈ লোক । বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ নিৰ্দেশত যোৱা এটি দল উপস্থিত ঘটনাস্থলীত ৷

কাছাৰত নাহৰফুটুকীৰ আক্ৰমণত আহত দহ জন

শিলচৰ,২১জুন : কাছাৰ জিলাৰ ধলাই সমষ্টিৰ হৰিণা বস্তিত নাহৰফুটুকীৰ সন্ত্ৰাস । নাহৰফুটুকীৰ আক্ৰমণত আহত হয় ১০ জনকৈ লোক । ইয়াৰে ৫ জনৰ অৱস্থা সংকটজনক । আহত লোকসকলক শিলচৰ মেডিকেল কলেজত ভৰ্তি কৰা হয় । আহত লোকসকল দ্বিজেন্দ্ৰ দাস, আব্দুল মান্নান, দেবজিৎ দাস, ৰহিম উদ্দিন, পাৰুল হোসেন, সুৰেন দাস, বাবলু দাস আৰু জমিৰুন বিবি বুলি জানিব পৰা গৈছে ।

কাছাৰত নাহৰফুটুকীৰ আক্ৰমণত আহত দহ জন

তথ্য অনুসৰি, এসপ্তাহ ধৰি মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ গৃহ সমষ্টি ধলাইৰ হৰিণা বস্তিত নাহৰফুটুকীয়ে সন্ত্ৰাস চলাই আহিছে । নাহৰফুটুকীয়ে অঞ্চলটোৰ গৰু আৰু ম'হৰ ওপৰত আক্ৰমণ চলায় অহাৰ সময়তে বৃহস্পতিবাৰে নিশা পুনৰ নাহৰফুটুকীয়ে আক্ৰমণ কৰে অঞ্চলবাসীৰ ওপৰত । ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যক জনোৱাত ঘটনাস্থলীত মন্ত্ৰীৰ নিৰ্দেশত এটা দল গৈ উপস্থিত হয় ।

ABOUT THE AUTHOR

...view details