শিলচৰ, 31 মাৰ্চঃ কৰ'ণা ভাইৰাচৰ সংক্ৰমণ প্ৰতিহত কৰিবলৈ লক ডাউন ঘোষণাৰ পিচতে কাছাৰত এতিয়া পাছ প্ৰদান কৰাৰ নামত চলিছে ৰমৰমীয়া ব্যৱসায় ৷ টকা দিয়ক আৰু পাছ নিয়ক ৷ এই ঘটনা সংঘটিত হৈছে কাছাৰ জিলাৰ উদাৰবন্দত ৷ লক ডাউনৰ সময়ছোৱাত পাছ প্ৰদান কৰাৰ নামত একাংশ আৰক্ষী বিষয়াৰ পকেট গৰম হৈছে এইয়া ৰাইজৰ অভিযোগ ৷
টকা দিয়ক আৰু পাছ নিয়ক... - কৰ'ণা ভাইৰাচ
লক ডাউন ঘোষণাৰ পিচতে কাছাৰত এতিয়া পাছ প্ৰদান কৰাৰ নামত চলিছে ৰমৰমীয়া ব্যৱসায় ৷ পাছ প্ৰদান কৰাৰ নামত এতিয়া একাংশ আৰক্ষী বিষয়াৰ পকেট গৰম হৈছে ৷
টকা দিয়ক আৰু পাছ নিয়ক...
ঘটনা অনুসৰি জিলাখৰ একাংশ ব্যৱসায়ী আৰু স্বেচ্ছাসেৱী সংগঠনৰ সদস্যক যাতায়াতৰ বাবে থানাৰ পৰা প্ৰদান কৰা পাছৰ বিনিময়ত আৰক্ষীয়ে লৈছে ধন ৷ প্ৰতিজন লোকৰ পৰা 50 ৰ পৰা পাঁচশ টকা পৰ্যন্ত সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ আৰক্ষীৰ ভয়ত বহুতে মুখ খোলা নাই যদিও ৰাইজে অভিযোগ কৰিছে সংবাদ মাধ্যমৰ আগত ৷