অসম

assam

ETV Bharat / state

কাছাৰত উদ্ধাৰ বৃহৎ সংখ্যক বিদেশী বন্য প্ৰাণী - rescued wild life

উদ্ধাৰ কৰা প্ৰাণী সমূহৰ ভিতৰত আছে- 1 টা কেংগাৰু,6 টা মেকাও ভাটৌ,তিনিটা কাছ,আৰু দুটা বান্দৰ ৷ TS-08UB-1622 নম্বৰৰ মিজোৰামৰ দিশৰ পৰা আহি থকা এখন ট্ৰাকৰ পৰা উদ্ধাৰ কৰা হয় এই সমূহ বন্য প্ৰাণী ৷

কাছাৰত উদ্ধাৰ বৃহৎ সংখ্যক বিদেশী বন্য প্ৰাণী
কাছাৰত উদ্ধাৰ বৃহৎ সংখ্যক বিদেশী বন্য প্ৰাণী

By

Published : Jul 29, 2020, 3:56 PM IST

Updated : Jul 29, 2020, 4:49 PM IST

কাছাৰ, 29 জুলাইঃ কাছাৰত উদ্ধাৰ কৰা হৈছে বৃহৎ পৰিমাণৰ বিদেশী বন্য প্ৰাণী ৷ কাছাৰ জিলা বন বিভাগে এই বন্য প্ৰাণী সমূহ উদ্ধাৰ কৰে লাইলাপুৰ ফৰেষ্ট বীটৰ পৰা ৷

জব্দ হোৱা ট্ৰাকখন

TS-08UB-1622 নম্বৰৰ মিজোৰামৰ দিশৰ পৰা আহি থকা এখন ট্ৰাকৰ পৰা উদ্ধাৰ কৰা হয় এই সমূহ বন্য প্ৰাণী ৷ মঙলবাৰে নিশা প্ৰায় 11.30 মান বজাত চলোৱা বন বিভাগৰ নৈমিত্তিক অভিযানত বন্য প্ৰাণী কেইটা উদ্ধাৰৰ লগতে আটক কৰা হয় দুজন লোকক ৷ আটকাধীন লোক দুজন হৈছে নাৰসিমা ৰেড্ডী আৰু নৱনাথ টুকাৰাম ৷ উদ্ধাৰ কৰা প্ৰাণী সমূহৰ ভিতৰত আছে- 1টা কেংগাৰু, 6টা মেকাও ভাটৌ,তিনিটা কাছ,আৰু দুটা দুষ্প্ৰাপ্য বান্দৰ ৷ প্ৰাথমিক তদন্তত আটকাধীন লোক দুজনে প্ৰকাশ কৰে যে, তেওঁলোকে বন্য প্ৰাণী সমূহ গুৱাহাটীলৈ লৈ গৈ আছিল ৷

উদ্ধাৰ 6 টা মেকাও ভাটৌ

বন বিভাগৰ লোকে ট্ৰাকখন ৰখোৱাৰ পাচত তাত চোৰাং কাঠ দেখিবলৈ পায় ৷ তাৰ পাচতেই এগৰাকী বন বিভাগৰ লোকে ট্ৰাকখনৰ ভিতৰত কেতবোৰ বাকছ দেখিবলৈ পায় ৷ ট্ৰাক চালকজনে সেই সমূহ ফল বুলি উত্তৰ দিয়ে যদিও বন বিভাগৰ লোকজনে তদন্ত চলাই ৷ তাতেই কাৰ্টুনৰ ভিতৰতেই প্লাষ্টিকেৰে পেক কৰা অৱস্থাত উদ্ধাৰ হয় এই সমূহ বন্য প্ৰাণী ৷

কাছাৰত উদ্ধাৰ বৃহৎ সংখ্যক বিদেশী বন্য প্ৰাণী
উদ্ধাৰ হোৱা কেংগাৰুটো

তদন্তকাৰী দলটোত আছিল বীট বন বিষয়া উত্তম দাস,বনৰক্ষী হেমজিৎ সিন্হা,ৰাজীৱ বৰ্মন আৰু সাধাৰণ কৰ্মকৰ্তা আলি আহমেদ লস্কৰ ৷ পৰৱৰ্তী সময়ত হাৱাইথাং ফৰেষ্ট ৰেঞ্জ বিষয়া ডি.দেউৰীয়ে কাছাৰ জিলা বন বিষয়া চানিডেউ চৌধুৰীৰ নিৰ্দেশমৰ্মে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷

উদ্ধাৰ হোৱা বান্দৰ দুটা

বৰ্তমান কৰ’ণা ভাইৰাছ সংকটৰ তথা বজাৰৰ মন্দা অৱস্থাৰ সময়ত দেশীয় বন্য প্ৰাণীৰ সৰবৰাহৰ বিপৰীতে বিদেশী বন্য প্ৰাণী সৰবৰাহ চক্ৰ গঢ়ি উঠিছে ৷ কিন্তু এই সমূহ অসৎ চক্ৰক প্ৰতিহত কৰাৰ বাবে পূৰ্ণ ব্যৱস্থা হাতত লোৱা হৈছে বুলি ফৰেষ্ট ৰেঞ্জ বিষয়া ডি.দেউৰীয়ে প্ৰকাশ কৰিছে ৷

উদ্ধাৰ হোৱা কাছ দুটা

লগতে পঢ়কঃআম্বালাৰ বায়ুসেনা ছাউনীত ৰখা হ'ব পাঁচখনকৈ ৰাফেল বিমান

Last Updated : Jul 29, 2020, 4:49 PM IST

ABOUT THE AUTHOR

...view details