কাছাৰ,10 আগষ্ট: যোগাযোগৰ পথ বিচ্ছিন্ন কৰাৰ প্রতিবাদত সৰৱ হৈ উঠে কাছাৰ জিলাৰ তাপাং জিপিৰ চামৰকোনা এলেকাবাসী ৷ কিছুদিন পূৰ্বে বাবু ৰায়সহ 2-3 জন লোকে চামৰকোনা এল পি স্কুল সংলগ্ন পথটোৰ এটা অংশ বিচ্ছিন্ন কৰাৰ অভিযোগ উত্থাপন কৰি স্থানীয় ৰাইজে কাছাৰ জিলা প্ৰশাসনক এই বিষয়ে অৱগত কৰে ৷
বিচ্ছিন্ন পথে জীয়াতু ভোগাইছে কাছাৰৰ তাপাং জিপিৰ চামৰকোনাবাসীক - চামৰকোনা এল পি স্কুল
কাছাৰ জিলাৰ তাপাং জিপিৰ চামৰকোনাত কিছুদিন পূৰ্বে চামৰকোনা এল পি স্কুল সংলগ্ন পথটো বিচ্ছিন্ন হোৱাৰ ফলত এতিয়া বিপাঙত পৰিছে অঞ্চলবাসী ৷
বিচ্ছিন্ন পথে জীয়াতু ভোগাইছে কাছাৰৰ তাপাং জিপিৰ চামৰকোনাবাসীক
উল্লেখ্য যে,চামৰকোনা এলপি স্কুল সংলগ্ন পইণ্টৰ পৰা নোনাপানি বাগানলৈ সংলগ্ন পথটোৰে প্ৰায় 700 টা পৰিয়াল আৰু ছাত্ৰ-ছাত্ৰীসকলে অহা-যোৱা কৰে ৷ অৱশ্যে ৰাইজৰ অভিযোগৰ ভিত্তিত ঘটনাস্থলীত উপস্থিত হৈ শ্রীকোনা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ৷ অচিৰেই এই সমস্যাৰ সুবিচাৰ কৰাৰ আশা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷
লগতে পঢ়ক:ভূৰৰ পৰা পৰি সলিল সমাধি দুই যুৱকৰ