শিলচৰ, 20 এপ্ৰিল: কাছাৰৰ সোনাই সমষ্টিৰ ধনেহৰিৰ ৪৬৩ নং মধ্য ধনেহৰি বিদ্যালয়ৰ ভোটকেন্দ্ৰত কটকটীয়া নিৰাপত্তাৰ মাজেদি মঙলবাৰে সম্পন্ন হয় পুনৰ ভোটগ্ৰহণ পৰ্ব ৷ পুৱাৰ পৰাই ভোট কেন্দ্ৰটোত ভোটাৰৰ দীঘলীয়া শাৰী দেখিবলৈ পোৱা যায় ৷ কেন্দ্ৰটোত ভোটগ্ৰহণৰ সময়ছোৱাত প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলে ৷
কটকটীয়া নিৰাপত্তাৰ মাজেৰে ধনেহৰিত পুনৰ ভোটগ্ৰহণ সম্পন্ন
কাছাৰৰ সোনাই সমষ্টিৰ ধনেহৰিৰ ৪৬৩ নং মধ্য ধনেহৰি বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত কটকটীয়া নিৰাপত্তাৰ মাজেদি মঙলবাৰে সম্পন্ন হয় পুনৰ ভোটগ্ৰহণ পৰ্ব ৷ কেন্দ্ৰটোত ভোটগ্ৰহণৰ সময়ছোৱাত প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলে ৷
কটকটীয়া নিৰাপত্তাৰ মাজেৰে ধনেহৰিত পুনৰ ভোটগ্ৰহণ সম্পন্ন
উল্লেখ্য যে, দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিনা কেন্দ্ৰটোত এক নিৰ্বাচনী হিংসাৰ ঘটনা সংঘটিত হৈছিল ৷ সোনাই সমষ্টিৰ বিজেপি প্ৰাৰ্থী আমিনুল হক লস্কৰৰ দেহৰক্ষীৰ গুলীত আহত হৈছিল স্থানীয় চাৰিজনকৈ লোক ৷ যাৰ বাবেই এই ভোট কেন্দ্ৰটোত পুনৰ ভোট গ্ৰহণৰ নিৰ্দেশ জাৰি কৰিছিল নিৰ্বাচন আয়োগে ৷