শিলচৰত ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্মবাৰ্ষিকী পালন - SILCHAR
কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ 158 সংখ্যক জন্মবাৰ্ষিকী উপলক্ষে কাছাৰ জিলাৰ লগতে বৰাক উপত্যকা পুৱাৰে পৰা দেখা গৈছে ব্যাপক আয়োজন ৷
কাছাৰ,9 মে’ : বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ 158 সংখ্যক জন্মবাৰ্ষিকী বৃহস্পতিবাৰে বৰাকৰ নগৰ-চহৰত উলহ-মালহেৰে পালন কৰা হয় ৷ শিলচৰ চহৰত পুৱাৰ পৰা জন্মবাৰ্ষিকী উপলক্ষে পৰিলক্ষিত হয় ব্যাপক উচাহ ৷ পুৱাই চহৰৰ মাজেৰে এক বৰ্ণাঢ্য শোভাযাত্ৰা বাহিৰ কৰাৰ লগতে তাৰাপুৰৰ ৰবীন্দ্ৰনাথৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে ৷ ৰবীন্দ্ৰ মূৰ্তিৰ তলত ৰবীন্দ্ৰনাথৰ গীত-নৃত্য আৰু কবিতা আবৃত্তিৰে বৰাক উপত্যকা সাহিত্য ও সংস্কৃতি সন্মিলন, সন্মিলিত সাংস্কৃতিক মঞ্চ, আৰ্য সংস্কৃতি সমিতি সহ বহু কেইটা সংগঠনে শ্ৰদ্ধা জ্ঞাপন কৰে কবিগুৰু ৰবীন্দ্ৰনাথক ৷