অসম

assam

ETV Bharat / state

শিলচৰত দলঙৰ এপ্ৰোছ নিৰ্মাণৰ দাবীত মুণ্ডন কৰি প্ৰতিবাদ ক্ষুদ্ধ ৰাইজৰ - বাৰম্বাৰ আহ্বান

বাৰম্বাৰ আহ্বান জনোৱাৰ পিছতো আজি পৰ্যন্ত নিৰ্মাণ নহ'ল বৰাক নদীৰ ওপৰত নিৰ্মাণ কৰা বাদ্ৰী দলঙৰ এপ্ৰোছ । শিলচৰৰ নাহাটা-বাদ্ৰী দলং সংযোগী পথ মেৰামতি কৰাতো গুৰুত্ব নাই চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ । শীঘ্ৰে এপ্ৰোছ নিৰ্মাণ আৰু পথ মেৰামতি কৰাৰ দাবীত বৃহস্পতিবাৰে মুণ্ডন কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে একাংশ ক্ষুদ্ধ ৰাইজে । শিলচৰৰ চামৰাগুডামত পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ বাদ্ৰী ব্ৰীজ ডিমাণ্ড কমিটীৰ নেতৃবৰ্গৰ ।

শিলচৰত দলঙৰ এপ্ৰোছ নিৰ্মাণৰ দাবীত মুণ্ডন কৰি প্ৰতিবাদ ক্ষুদ্ধ ৰাইজৰ
শিলচৰত দলঙৰ এপ্ৰোছ নিৰ্মাণৰ দাবীত মুণ্ডন কৰি প্ৰতিবাদ ক্ষুদ্ধ ৰাইজৰ

By

Published : Dec 17, 2020, 6:58 PM IST

শিলচৰ, ১৭ ডিচেম্বৰ: বাদ্ৰী ব্ৰীজ ডিমাণ্ড কমিটীৰ উদ্যোগত শিলচৰত ৰাইজৰ উত্তাল প্ৰতিবাদ । মুণ্ডন কৰি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে ক্ষোভিত ৰাইজে । চাৰিটা বিধানসভা সমষ্টিক সংযোগ কৰাৰ কৰি যাতায়াত সুচল কৰিবলৈ বৰাক নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছিল বাদ্ৰী দলং । দলং নিৰ্মাণ কৰিয়েই দায়িত্ব সামৰিলে বিভাগীয় কৰ্তৃপক্ষই । দলঙৰ এপ্ৰোছ নিৰ্মাণ নকৰাকৈয়ে কাম সমাপ্ত কৰিলে ।

আনহাতে, গড়কাপ্তানী বিভাগৰ হেমাহিত শিলচৰৰ নাহাটা-বাদ্ৰী দলং সংযোগী পথটো বছৰ বছৰ ধৰি বিধ্বস্ত অৱস্থাতে আছে ৰাইজৰ অভিযোগৰ প্ৰতি কাণসাৰ নাই স্থানীয় বিধায়ক আৰু বিভাগীয় কৰ্তৃপক্ষৰ । বাৰে বাৰে আহ্বান জনোৱাৰ পিছতো মেৰামতি নকৰাত বৃহস্পতিবাৰে বাদ্ৰী ব্ৰীজ ডিমাণ্ড কমিটীৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় । একাংশ প্ৰতিবাদকাৰীয়ে মুণ্ডন কৰিও ক্ষোভ উজাৰে । প্ৰথমে শিলচৰ চামৰাগুডামত পথ অৱৰোধ কৰে প্ৰতিবাদকাৰীয়ে ।

ইয়াৰ পিছতে প্ৰতিবাদস্থলীত উপস্থিত হয় আৰক্ষী, দণ্ডাধীশ আৰু গড়কাপ্তানী বিভাগৰ অভিযন্তা ৷ এসপ্তাহৰ ভিতৰত নাহাটা পইন্টৰ পৰা বাদ্ৰী দলং পৰ্যন্ত পথচোৱাৰ কাম আৰম্ভ কৰা হ'ব বুলি অভিযন্তাগৰাকীয়ে আশ্বাস দিয়াৰ পিছতো ক্ষোভিত হৈ পৰে প্ৰতিবাদী ৰাইজ ৷ আজিৰ ভিতৰতে পথ মেৰামতিৰ কাম আৰম্ভ কৰিবলৈ প্ৰতিবাদকাৰীসকলে দাবী জনোৱাত বিষয়াসকল তাৰ পৰা আঁতৰি যায় ৷ ইয়াৰ পিচতে ১০ জন লোকে মুণ্ডন কৰে ৷ পথ মেৰামতি আৰু দলঙৰ এপ্ৰোছৰ কাম আৰম্ভ নকৰা পৰ্যন্ত অৱৰোধ অব্যাহত থাকিব বুলি স্পষ্ট কৰি দিয়ে প্ৰতিবাদী ৰাইজে ।

লগতে পঢ়ক:ৰঙাপৰাত বিশেষভাৱে সক্ষম ব্যক্তিৰ চিনাক্তকৰণ শিৱিৰ

ABOUT THE AUTHOR

...view details