কাছাৰ, 28 অক্টোবৰ: বিষ্ণুপ্ৰিয়া মণিপুৰী সকলৰ বাবে স্বায়ত্ব শাসিত পৰিষদ গঠনৰ দাবীৰে বুধবাৰে সন্ধিয়া শিলচৰত জোঁৰ সমদল উলিয়ায় বিষ্ণুপ্ৰিয়া মণিপুৰী স্বায়ত্ব শাসিত পৰিষদ দাবী কমিটীয়ে ৷ আগন্তুক বিধানসভা অধিৱেশনত স্বায়ত্ব শাসিত পৰিষদ গঠনৰ বিধেয়ক উত্থাপন কৰি সদনত গৃহীত কৰাৰ দাবী জনায় প্ৰতিবাদকাৰী সকলে ৷
বিষ্ণুপ্ৰিয়া মণিপুৰী স্বায়ত্ব শাসিত পৰিষদ গঠনৰ দাবীৰে শিলচৰত প্ৰতিবাদ - শিলচৰত প্ৰতিবাদ
স্বায়ত্ব শাসিত পৰিষদ গঠনৰ দাবীৰে বুধবাৰে সন্ধিয়া শিলচৰত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে, বিষ্ণুপ্ৰিয়া মণিপুৰী স্বায়ত্ব শাসিত পৰিষদ দাবী কমিটীয়ে ৷
শিলচৰত প্ৰতিবাদ
বুধবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত কমিটীখনে জোঁৰ সমদল উলিওৱা বুলি সদৰী কৰে বিষ্ণুপ্ৰিয়া মণিপুৰী স্বায়ত্ব শাসিত পৰিষদ দাবী কমিটীৰ সভাপতি গোপীদাস সিনহাই ৷ বিষ্ণুপ্ৰিয়া মণিপুৰী সকলৰ বাবে স্বায়ত্ব শাসিত পৰিষদ গঠন নকৰিলে নিৰ্বাচনৰ পূৰ্বে ইয়াতকৈয়ো তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হ'ব বুলি সকীয়নি প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে ৷
লগতে পঢ়ক:চিৰাঙত ইউপিপিএলৰ "পৰিৱৰ্তন যাত্ৰা" শীৰ্ষক কাৰ্যসূচী