কাটিগৰাত বিধ্বস্ত গ্ৰাম্য যাতায়ত !
বোকাময় পথেদি স্কুলৰ কণ কণ ছাত্ৰ-ছাত্ৰীৰ লগতে বিভিন্ন ৰোগীৰ বাবে যাতায়ত কৰাটো অত্যন্ত কঠিন হৈ পৰিছে ৷
কাটিগৰাৰ এটি বিধ্বস্ত গ্ৰাম্য পথত দুৰ্বিহসহ হৈ পৰিছে যাতায়ত
কাছাৰ, 16 আগষ্টঃ কাছাৰ জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কাটিগৰা ভেটেৰিনাৰি গাঁৱলৈ যোৱা পথটো বিভাগীয় কৰ্তৃপক্ষৰ চৰম হেমাহিৰ বাবে বৰ্তমান প্ৰায় অচল অৱস্থা ৷ এমজিএনৰেগাৰ অধীনত পঁচিশ লক্ষ টকা অনুমোদন দিয়া হৈছিল যদিও সেই সময়ৰ পঞ্চায়ত সমিতিয়ে তিনি চাৰি ট্ৰাক মাটি পেলাই পথটো অধিক বোকাময় কৰা বুলিহে স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে । বোকাময় পথেদি স্কুলৰ কণ কণ ছাত্ৰ-ছাত্ৰীৰ লগতে বিভিন্ন ৰোগীৰ বাবে যাতায়ত কৰাটো অত্যন্ত কঠিন হৈ পৰিছে ৷