শিলচৰ, 28 জুলাই :অসম-মিজোৰাম সীমান্ত(Assam-Mizoram Border)ৰ কাছাৰ জিলাৰ লায়লাপুৰ (lailapur)ত সোমবাৰে সংঘটিত হয় এটা বৰ্বৰ ঘটনা ৷ মিজো আৰক্ষীৰ (Mizo Police) গুলিত 5 জনকৈ অসম আৰক্ষীৰ (Assam Police) জোৱান শ্বহীদ হ'বলগীয়া হয় ৷ গুলীবৃদ্ধ অৱস্থাত সোমবাৰে শিলচৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল ষষ্ঠ অসম আৰক্ষী বেটেলিয়ানৰ হাবিলদাৰ শ্যাম সুন্দৰ দুসাতক । কিন্তু চিকিৎসাধীন অৱস্থাত মঙলবাৰে নিশা 8:41 বজাত শেষ নিশ্বাস ত্যাগ কৰে শ্যাম সুন্দৰ দুসাতে ৷
উল্লেখযোগ্য যে, সোমবাৰে অসম মিজোৰাম সীমান্তত মিজো আৰক্ষীয়ে অতৰ্কিতে অসম আৰক্ষীৰ ওপৰত উপৰ্যুপৰি গুলীবৰ্ষণ (Shoot) কৰে ৷ উক্ত ঘটনাত 5 জন অসম আৰক্ষী নিহত হোৱাৰ লগতে গুলিবৃদ্ধ হয় অসম আৰক্ষীৰ কেইবাজনো জোৱান তথা কাছাৰৰ আৰক্ষী অধীক্ষক নিম্বলকাৰ বৈভৱ চন্দ্ৰকান্ত ৷ সেই সকল জোৱানৰ মাজৰে এজন আছিল জোৱান শ্যাম সুন্দৰ দুসাত ৷ গুলীবৃদ্ধ অৱস্থাত শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল (Silchar Medical College Hospital)ৰ আই.চিই.উ. (ICU)ত ভৰ্তি কৰোৱা হৈছিল যদিও মৃত্যু মুখত পৰে আৰক্ষী জোৱান শ্যাম সুন্দৰ দুসাত ৷
লগতে পঢ়ক-প্ৰয়োজনত প্ৰাণ দিব, কিন্তু ভূমি নিদিয়ে : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
শ্যাম সুন্দৰ দুসাতৰ মৃত্যুত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰে । ইপিনে ষষ্ঠ অসম আৰক্ষীৰ বেটেলিয়ানৰ হাবিলদাৰ শ্যাম সুন্দৰ দুসাতৰ মৃত্যুৰ পিচতে ৰাজ্যৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য (Forest Minister) শিলচৰ চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ শোক প্ৰকাশ কৰে । একেদৰে সৰ্ব ভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেৱো মঙলবাৰে শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ উপস্থিত হৈ আৰক্ষী জোৱান সকলৰ স্বাস্থ্যৰ বুজ লয়।
অসম-মিজোৰাম সীমান্ত(Assam Mizoram border)ৰ ভূমি বিবাদ(land dispute)ৰ ঘটনাক কেন্দ্ৰ দুই ৰাজ্যৰ সীমান্তত সৃষ্টি হৈছিল এক অপ্ৰীতিকৰ পৰিস্থিতি ৷ যাৰ বাবে মঙলবাৰে পুৱা অশান্ত অসম-মিজোৰাম সীমান্তত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ অসম-মিজোৰামৰ সীমা বিবাদত শ্বহীদ হোৱা বীৰ জোৱানলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ।