অসম

assam

ETV Bharat / state

শিলচৰ শ্মশানত ক'ভিড19 ৰোগীৰ মৃতদেহ সৎকাৰত বাধা

স্থানীয় ৰাইজে শিলচৰ শ্মশানত ক'ভিড19 ত মৃত্যু হোৱা লোকৰ মৃতদেহ সৎকাৰ কৰাত বাধা প্ৰদান কৰে ৷ পৰিস্থিতি উত্তপ্ত হৈ পৰাত ঘটনাস্থলীত উপস্থিত হয় জিলাখনৰ অতিৰিক্ত উপায়ুক্তৰ লগতে বিধায়ক দিলীপ কুমাৰ পাল ৷

By

Published : Aug 6, 2020, 9:10 PM IST

Obstacles to the cremation of COVID 19 patient at Silchar crematorium
শিলচৰ শ্মশানত ক'ভিড19 ৰোগীৰ মৃতদেহ সৎকাৰত বাধা

শিলচৰ,6আগষ্টঃ ৰাজ্যত অব্যাহত আছে কৰ'ণা মহামাৰীৰ বিভীষিকা ৷ কৰ'ণা ভাইৰাছৰ আক্ৰান্ত হৈ মৃত্যুক সাৱটি লৈছে বহুজনে ৷ কিন্তু তেনে সময়তে কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ মৃতদেহ সৎকাৰক লৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত সৃষ্টি হৈছে অপ্ৰীতিকৰ পৰিস্থিতিৰ ৷

শিলচৰ শ্মশানত ক'ভিড19 ৰোগীৰ মৃতদেহ সৎকাৰত বাধা

আজি শিলচৰতো ক'ভিড19 ত মৃত্যু হোৱা লোকৰ মৃতদেহ সৎকাৰক লৈ সৃষ্টি হয় হুলস্থুলীয়া পৰিৱেশৰ ৷ জানিব পৰা মতে, স্থানীয় ৰাইজে শিলচৰ শ্মশানত ক'ভিড19 ত মৃত্যু হোৱা লোকৰ মৃতদেহ সৎকাৰ কৰাত বাধা প্ৰদান কৰে ৷ পৰিস্থিতি উত্তপ্ত হৈ পৰাত ঘটনাস্থলীত উপস্থিত হয় জিলাখনৰ অতিৰিক্ত উপায়ুক্তৰ লগতে বিধায়ক দিলীপ কুমাৰ পাল ৷ শ্মশানত বহু সময় স্থানীয় ৰাইজক বুজোৱাৰ অন্ততহে ক'ভিড19 ত মৃত্যু হোৱা লোকজনৰ মৃতদেহ সৎকাৰ কৰিবলৈ সক্ষম হয় প্ৰশাসনে ৷

লগতে পঢ়কঃআইনৰ তুলাচনীত এতিয়াও সমান নহয় ভাৰতৰ ন্যায় ব্যৱস্থা

ABOUT THE AUTHOR

...view details