অসম

assam

ETV Bharat / state

চৰকাৰৰ বিৰুদ্ধে ক্ষোভ "ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান"ৰ কৰ্মীৰ - All Assam NRHM medical and peramedical association

পূৰ্বৰ পৰা অস্থায়ী ভাৱে কাম কৰি থকা সকলৰ চাকৰি নিয়মীয়া নকৰাকৈয়ে পুনৰ নতুন নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ কৰাত ক্ষোভিত হৈ পৰিছে "ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান" কৰ্মী সকল ৷

NRHM worker may protest against government of Assam
চৰকাৰৰ বিৰুদ্ধে ক্ষোভ "ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান"ৰ কৰ্মীৰ

By

Published : Sep 11, 2020, 1:39 PM IST

কাছাৰ, 11 ছেপ্তেম্বৰ: ৰাজ্য চৰকাৰ তথা স্বাস্থ্য বিভাগৰ বিৰুদ্ধে ক্ষোভ দীৰ্ঘদিনৰ পৰা ন্যাৰ্য সুবিধা প্ৰদানৰ দাবীৰে প্ৰতিবাদ কৰি অহা "ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান" চমুকৈ NRHM কৰ্মী সকলৰ ৷ তেওঁলোকৰ দাবী সমুহক উপেক্ষা কৰি স্বাস্থ্য বিভাগে নতুনকৈ নিযুক্তি প্ৰদানৰ বিজ্ঞাপন দিয়াত জাঙুৰ খাই উঠিছে ৰাজ্যৰ হাজাৰ হাজাৰ ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযানৰ কৰ্মী ৷ শীঘ্ৰেই এই বিজ্ঞাপন বাতিল কৰি পূৰ্বৰে পৰা বিভাগটোত কাম কৰি থকা সকলৰ চাকৰি নিয়মীয়া কৰণৰ দাবী জনাইছে ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযানৰ কৰ্মী সকলে ৷ অন্যথা আগন্তুক দিনত তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে কৰ্মী সকলে ৷ বৃহস্পতিবাৰে এই সন্দৰ্ভত সংবাদমেল আয়োজন কৰি ক্ষোভ প্ৰকাশ কৰে All Assam NRHM medical and paramedical association য়ে ৷

চৰকাৰৰ বিৰুদ্ধে ক্ষোভ "ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান"ৰ কৰ্মীৰ

উল্লেখ্য যে, দীৰ্ঘদিনৰ পৰা ৰাজ্যৰ "ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান"ৰ অন্তৰ্গত হাজাৰ হাজাৰ কৰ্মীয়ে চাকৰি নিয়মীয়া কৰাৰ লগতে সকলো চৰকাৰী সুবিধা প্ৰদানৰ বাবে দাবী কৰি আহিছে যদিও চৰকাৰে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ "ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান"ৰ কৰ্মীৰ ৷ পূৰ্বৰ পৰা অস্থায়ী ভাৱে কাম কৰি থকা সকলৰ চাকৰি নিয়মীয়া নকৰাকৈয়ে পুনৰ নতুন নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ কৰাত ক্ষোভিত হৈ পৰিছে "ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান" কৰ্মী সকল ৷

লগতে পঢ়কঃ কাৰ্বি আংলঙত ভয়াৱহ পথ দুৰ্ঘটনাঃ নিহত 2 জন

ABOUT THE AUTHOR

...view details