বদৰপুৰ,4মে': ভোটাৰ তালিকাত নাম সোমাবলৈ লাগে দুশ টকা ৷ এই অভিযোগ আমাৰ নহয় ৷ কৰিমগঞ্জৰ বদৰপুৰ বিধানসভাৰ মদনমোহন গাঁৱৰ এগৰাকী ভুক্তভোগীৰ অভিযোগ । মদনমোহন গাঁৱৰ সম্ৰাট দাস নামৰ যুৱকজনৰ অভিযোগমতে তেওঁৰ পৰিয়ালৰ সদস্যৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ যাওঁতে বি এল অ' মুক্তা চন্দ নামৰ মহিলাগৰাকীয়ে দুশ টকা দিবলৈ দাবী কৰে ।
200 টকা দিয়ক ভোটাৰ তালিকাত নাম উঠাওক - silchar
বদৰপুৰত ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ লাগে দুশ টকা ! কিন্তু ধন দিও লিষ্টত নাম নথকাত সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতি ৷
বদৰপুৰত ভোটাৰ লিষ্টত নাম তুলিবলৈ লাগে দুশ টকা !
কিন্তু 200 টকা দিও বৰ্তমান পৰ্যন্ত তালিকাত নাম নাপাই শনিবাৰে বি এল অ' মুক্তা চন্দক লগ কৰিবলৈ যাওঁতে তেওঁৰ স্বামী ৰূপক চন্দক পাই যুৱকজনে প্ৰশ্ন কৰাত তেওঁক ৰূপক চন্দে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে ৷