অসম

assam

ETV Bharat / state

শিলচৰ কেন্দ্ৰীয় কাৰাগাৰত কয়দীৰ ৰহস্যজনক মৃত্যু

কাৰাগাৰৰ চিকিৎসালয়ৰ বাথৰুমৰ ভিতৰত সঞ্জয় দাসৰ মৃতদেহটো ডিঙিত চিপ লোৱা অবস্থাত আন এজন কয়দীয়ে প্ৰত্যক্ষ কৰে ৷

By

Published : Nov 28, 2019, 9:29 PM IST

Silchar
কেন্দ্ৰীয় কাৰাগাৰত কয়দীৰ ৰহস্যজনক মৃত্যু

শিলচৰ, 28 নৱেম্বৰঃশিলচৰ কেন্দ্ৰীয় কাৰাগাৰত ৰহস্যজনক ভাৱে এজন কয়দীৰ মৃত্যু হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ মৃত কয়দীজন কাছাৰ জিলাৰ উধাৰবন্ধ সমষ্টিৰ অন্তৰ্গত মধুৰাৰ সঞ্জয় দাস বুলি জানিব পৰা গৈছে ৷

কেন্দ্ৰীয় কাৰাগাৰত কয়দীৰ ৰহস্যজনক মৃত্যু

তথ্য অনুসৰি বিগত এসপ্তাহ পূৰ্বে মোবাইল চুৰিৰ অভিযোগত কয়দীজনক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল ৷ দণ্ডাধীশ অভিলাছ বাৰনোৱালে জনোৱা অনুসৰি বৃহস্পতিবাৰে পুৱা কাৰাগাৰৰ চিকিৎসালয়ৰ বাথৰুমৰ ভিতৰত সঞ্জয় দাসৰ মৃতদেহটো ডিঙিত চিপ লোৱা অবস্থাত আন এজন কয়দীয়ে প্ৰত্যক্ষ কৰি কাৰাগাৰ কৰ্তৃপক্ষক অৱগত কৰে ৷ পৰৱৰ্তী সময়ত আৰক্ষী আৰু দণ্ডাধীশ অভিলাছ বাৰনোৱাল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷ দণ্ডাধীশ গৰাকীয়ে কয় যে এয়া হত্যা নে আত্মহত্যা সেই তথ্য মৃতদেহটোৰ মৰনোত্তৰ পৰীক্ষাৰ পাচতহে পোহৰলৈ আহিব ৷ ইপিনে সঞ্জয় দাসৰ এনে ৰহস্যজনক মৃত্যুক লৈ এতিয়া বহু প্ৰশ্ন উত্থাপন হৈছে ৷ আৰু আচৰিত বিষয় এই যে সমগ্ৰ ঘটনাটোক কাৰাগাৰৰ অধীক্ষক সত্যনদ্ৰ বৈষ্যই গাপ দিয়াৰ চেষ্টা কৰিছে ৷

লগতে পঢ়ক - মৰিগাঁৱত সভাপতিৰ নহয় পুত্ৰৰ চহীৰে চলে কাম কাজ

ABOUT THE AUTHOR

...view details