অসম

assam

By

Published : Oct 27, 2020, 5:11 PM IST

ETV Bharat / state

মনিপুৰী স্বায়ত্ব কাউঞ্চিল ডিমাণ্ড কমিটীৰ ৰাজ্যজোৰা প্ৰতিবাদ

মনিপুৰী স্বায়ত্ব কাউঞ্চিল ডিমাণ্ড কমিটীৰ সংবাদমেল ৷ স্বায়ত্ব পৰিষদ গঠন কৰাৰ দাবী কমিটীৰ ৷ অন্যথা ধাৰাবাহিক আন্দোলন চলাই নিয়াৰ হুংকাৰ ৷

Manipuri Autonomous Cou
28 অক্টোবৰত মনিপুৰী স্বায়ত্ব কাউঞ্চিল ডিমাণ্ড কমিটীৰ ৰাজ্যজুৰি প্ৰতিবাদ

কাছাৰ, 27 অক্টোবৰ : বিষ্ণুপ্রিয়া মনিপুৰী স্বায়ত্ব শাসিত পৰিষদ গঠনৰ দাবীত বুধবাৰে ৰাজ্যৰ 80 টা স্থানৰ পৰা জোঁৰ সমদল কৰিব বিষ্ণুপ্ৰিয়া মনিপুৰী স্বায়ত্ব কাউঞ্চিল ডিমাণ্ড কমিটীয়ে ৷ মঙলবাৰে শিলচৰৰ কচুদৰমত আয়োজিত এক সংবাদমেলত এই আন্দোলনৰ কথা ঘোষনা কৰে বিষ্ণুপ্ৰিয়া মনিপুৰী স্বায়ত্ব কাউঞ্চিল ডিমাণ্ড কমিটীয়ে ৷

কমিটীৰ সভাপতি গোপীদাস সিনহাৰ প্ৰতিবাদ

কমিটীৰ সভাপতি গোপীদাস সিনহাই সদৰী কৰা মতে, বৰাকৰ কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি আৰু কামৰূপ জিলাৰ মুঠ 80 টা স্থানত সন্ধিয়া 6 বজাত এই জোঁৰ সমদল বাহিৰ কৰিব ৷ সমদলত কেইবা হাজাৰ বিষ্ণুপ্ৰিয়া মনিপুৰী লোকে অংশগ্ৰহন কৰি স্বায়ত্ব শাসিত পৰিষদ গঠনৰ শক্তিশালী দাবী উত্থাপন কৰিব বুলিও উল্লেখ কৰে গোপীদাস সিনহাই ৷

তেওঁ আকৌ জনোৱা অনুসৰি, বিগত মাহত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰি বিষ্ণুপ্ৰিয়া মনিপুৰী স্বায়ত্ব কাউঞ্চিল ডিমাণ্ড কমিটীয়ে স্বায়ত্ব শাসিত পৰিষদ গঠনৰ দাবী উত্থাপন কৰিছিল ৷ আগন্তুক বিধানসভাৰ অধিবেশনত এই স্বায়ত্ব শাসিত পৰিষদ গঠনৰ বিধেয়ক উত্থাপন কৰি সদনত গৃহীত কৰাৰো দাবী জনাইছিল বুলি সংবাদ মেলত অৱগত কৰে ডিমাণ্ড কমিটীৰ সভাপতি গোপীদাস সিনহাই ৷

লগতে পঢ়ক :NHAI ৰ কামক লৈ অসন্তুষ্ট নীতিন গাডকাৰী

For All Latest Updates

ABOUT THE AUTHOR

...view details