শিলচৰ, 17 ফেব্ৰুৱাৰী : 'অসম জাতীয় পৰিষদ'ৰ উদ্যোগত কাছাৰ জিলাৰ লক্ষীপুৰ সমষ্টিৰ উজান তাৰাপুৰত বিশাল গণ সমাবেশ অনুষ্ঠিত হয় ৷ যত উপস্থিত আছিল 'অসম জাতীয় পৰিষদ'ৰ সভাপতি লুৰিণজ্যোতি গগৈ, সাধাৰণ সম্পাদক জগদীশ ভুঞাসহ 'অসম জাতীয় পৰিষদ'ৰ নেতাকৰ্মী সকল ৷
পুৱা বিশাল বাইক ৰেলীৰে যোগেদি 'অসম জাতীয় পৰিষদ'ৰ কৰ্মী সকলে লুৰিণজ্যোতি গগৈ সহ দলীয় নেতা সকলক শিলচৰৰ পৰা উজানতাৰাপুৰস্থিত সভাস্থলীলৈ লৈ আহে ৷ বিশাল এই গণ সমাবেশত উপস্থিত সকলোৱে বিজেপি আৰু কংগ্ৰেছৰ সমালোচনা কৰি তেওঁলোকৰ বক্তব্য প্ৰদান কৰে ৷