কাছাৰত ভূমি কেলেংকাৰীঃ অতিৰিক্ত উপায়ুক্ত জড়িত থকাৰ অভিযোগ - ভূমি
ভূমিৰ জাল দলিল বনাই বিক্ৰী কৰে এটা দুষ্ট চক্ৰই ৷ তদন্তৰ বাবে ইতিমধ্যে লক্ষীপুৰৰ SDPO ক নিৰ্দেশ ৷ কেলেংকাৰীত ADC জড়িত থকাৰ অভিযোগ
কাছাৰ, 2 ছেপ্তেম্বৰ : কৰিমগঞ্জৰ পাচত এইবাৰ কাছাৰত ভূমি কেলেংকাৰী ৷ বিভিন্ন ব্যক্তিৰ ভূমিৰ জাল দলিল বনাই বিক্ৰী কৰে এটা দুষ্ট চক্ৰই ৷ জিলাখনৰ লক্ষীপুৰত Azure power forty pvt ltd এটা কোম্পানীয়ে আৰম্ভ কৰিছে ভূমি অধিগ্ৰহণৰ কাম ৷ আৰু তাতেই সংঘটিত হৈছে কুতুবউদ্দিন নামৰ এগৰাকী ব্যক্তিৰ 90 বিঘা ভূমি কেলেংকাৰী ৷ য’ত জড়িত হৈ আছে অতিৰিক্ত উপায়ুক্ত লালসিম আৰু ফকৰ উদ্দিন ৷ এই অভিযোগ কুতুব উদ্দিনৰ ৷ কলেংকাৰীক লৈ কুতুব উদ্দিনে আদালত আৰু লক্ষীপুৰ থানাত ৰুজু কৰিছে পৃথক পৃথক গোচৰ ৷ তদন্তৰ বাবে ইতিমধ্যে লক্ষীপুৰৰ SDPO ক নিৰ্দেশ দিছে কাছাৰৰ আৰক্ষী অধীক্ষক মুগ্ধজ্যোতি মহন্তই ৷