অসম

assam

By

Published : Sep 4, 2020, 10:30 PM IST

ETV Bharat / state

বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিকক অপদস্থ বন বিষয়াৰ

ভুক্তভোগী সাংবাদিকজনে আমৰাঘাট আৰক্ষী চকীত বিট বিষয়া দেবাশীষ নাথৰ বিৰুদ্ধে এখন এজাহাৰ কৰাৰ লগতে অতি সোনকালে বন বিষয়াজনৰ বিৰুদ্ধে তদন্ত কৰি শাস্তি প্ৰদানৰ দাবী জনাইছে ৷

Journalist attacked by Forest Beat officer
বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিকক অপদস্থ বন বিষয়াৰ

কাছাৰ, 4 চেপ্টেম্বৰ : ৰাজ্যত পুনৰ এবাৰ পোহৰলৈ আহিছে সাংবাদিক নিগ্ৰহৰ ঘটনা ৷ এইবাৰ কাছাৰত বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিকক অপদস্থ কৰাৰ লগতে দৃশ্য সংগ্ৰহত বাধা দি মোবাইল কাঢ়ি নিয়াৰ অভিযোগ উত্থাপিত হৈছে এগৰাকী বন বিষয়াৰ বিৰুদ্ধে ৷

প্ৰাপ্ত খবৰ অনুসৰি, বৃহস্পতিবাৰে নিশা অবৈধ কাঠ সোনাই নৈৰ ওপৰত থকা দলঙেৰে বনমাফিয়াই কঢ়িয়াই নিয়াৰ সময়ত নৈৰ ওপৰত থকা বাঁহৰ দলং ভাঙি পৰে ৷ আৰু এই ঘটনা সন্দৰ্ভত সাংবাদিকৰ দল এটাই কাছাৰৰ সোনাই ফৰেষ্ট ৰেঞ্জ অফিচৰ অধীনস্থ মনিয়াৰখাল বিট কাৰ্যালয়ৰ বন বিষয়া দেবাশীষ নাথৰ পৰা প্ৰতিক্ৰিয়া বিচাৰি গৈছিল যদিও খঙত থৰকাচুটি হেৰুৱাই বন বিষয়াগৰাকীয়ে সাংবাদিকজনৰ দৃশ্য সংগ্ৰহ কৰি থকা মোবাইলটো কাঢ়ি নিবলৈ চেষ্টা চলোৱাৰ লগতে অপদস্থ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ এই ঘটনাৰ সমগ্ৰ দৃশ্য বন্দী হৈ ৰয় অন্য এজন সাংবাদিকৰ কেমেৰাত ৷

বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিকক অপদস্থ বন বিষয়াৰ

ইতিমধ্যে ভুক্তভোগী সাংবাদিকজনে আমৰাঘাট আৰক্ষী চকীত বিট বিষয়া দেবাশীষ নাথৰ বিৰুদ্ধে এখন এজাহাৰ কৰাৰ লগতে অতি সোনকালে বন বিষয়াজনৰ বিৰুদ্ধে তদন্ত কৰি শাস্তি প্ৰদানৰ দাবী জনাইছে ৷

লগতে পঢ়ক : আইপিএলৰ পৰা বাহিৰ হৰভজন সিং

ABOUT THE AUTHOR

...view details