শিলচৰ, 11 ছেপ্টেম্বৰ : কাছাৰৰ উদাৰবন্দৰ গোসাইপুৰ মধুৰা নদীত অবাধে চলিছে বালি খনন । দৈনিক শ শ ট্ৰাকেৰে অবৈধভাৱে বালি সৰবৰাহ হৈ আছে সেই স্থানৰ পৰা ৷ অঞ্চলটোৰ স্থানীয় ৰাইজে কৰিছে এই অভিযোগ ।
অভিযোগ অনুসৰি, মধুৰা নদীৰ গোসাইপুৰ প্রথম খণ্ডৰ হজপুৰৰ ফেৰিঘাটৰ এলেকাৰ পৰা প্ৰতিদিনই পাৰ হৈছে অবৈধভাবে বালি কঢ়িওৱা ট্ৰাক । উদাৰবন্দৰ বন বিভাগক অন্ধকাৰত ৰাখি নিশা হ’লেই এইদৰে বালি সৰবৰাহ কৰে এটা চক্ৰই । অবৈধ বালি সৰবৰাহকাৰীৰ বাবেই নদীৰ বুকুত জাহ গৈছে বহু কৃষি ভূমি । ইফালে ইষ্টামপুৰ - মধুৰাপুল পথেৰে বালি ভর্তি গাড়ী চলাচল কৰাত অতিষ্ঠ হৈ পৰিছে স্থানীয় ৰাইজ । সেয়েহে অবৈধ বালি সৰবৰাহ বন্ধ কৰিবলৈ বন বিভাগক আবেদন জনাইছে তেওঁলোকে ।