কাছাৰ, 2 জুলাই :অসম-মিজোৰাম সীমান্ত সমস্যালৈ পুনৰ উত্তপ্ত হাইলাকান্দি ৷ এইবাৰ ঘটনাৰ স্থান হৈছে হাইলাকান্দি জিলাৰ কাটলিছেৰা সমষ্টিৰ গুটগুটিৰ বিলাইপুৰৰ গাঁৱৰ ধলছেড়া অঞ্চল ৷ উল্লেখযোগ্য যে, মিজো দুৰ্বৃত্তই কল গছ আৰু তামোল গছ ৰোপন কৰি অসমৰ প্ৰায় ১০ কিলোমিটাৰ ভূমি দখল কৰি পেলাইছে ৷ লগত মিজো দুৰ্বৃত্তই উক্ত অঞ্চলটোলৈ আহ যাহ কৰিবলৈ এটা অস্থায়ী পথো নিৰ্মাণ কৰিছে ৷
এই সমগ্ৰ ঘটনাৰ বিষয়ে জানিব পাৰি অসম আৰক্ষীৰ শীৰ্ষ বিষয়া, হাইলাকান্দি জিলা প্ৰশাসনৰ লগতে বন বিষয়াৰ সহিতে এটা বিশাল আৰক্ষী বাহিনী ঘটনাস্থলীত উপস্থিত হয় । ইপিনে যদিও অসম আৰক্ষীৰ দলটো ঘটনাস্থলীত উপস্থিত হয় কিন্তু অঞ্চলটোত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰে মিজু দুৰ্বৃত্তই । যাৰ ফলত অসম আৰক্ষী আৰু মিজো আৰক্ষীৰ মাজত হতাহতিৰো সৃষ্টি হয় ৷ তাৰমাজতে শুকুৰবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অসমৰ ভূমি মিজোৰামে দখল কৰাৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷
প্ৰতিবাদকাৰী সকলে অসম চৰকাৰ হায় হায়, বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য মুৰ্দাবাদ, মিজোৰাম চৰকাৰ হায় হায়, অসমৰ ভূমি উদ্ধাৰ কৰক আদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে । সংবাদ মাধ্যমৰ আগত কৃষক নেতা জহিৰ উদ্দিন লস্কৰে কয় যে, অসম চৰকাৰৰ নীৰৱ ভূমিকাৰ বাবেই মিজোৰামৰ দুৰ্বৃত্তই অসমৰ জমি দখলৰ সুযোগ লাভ কৰিছে ৷ লগতে কয় বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই সদায় কয় যে, বনাঞ্চলত বসবাস কৰা লোক সকলক উচ্ছেদ চলোৱা হ’ব ৷