অসম

assam

ETV Bharat / state

শিলচৰৰ ৰাজপথত টেক্স সংগ্ৰহকাৰী গুণ্ডা বাহিনীৰ সন্ত্ৰাস

শিলচৰৰ ৰাজপথত অবৈধ গেট স্থাপন কৰি গুণ্ডা টেক্স সংগ্ৰহ কৰিছে এক গুণ্ডা বাহিনীয়ে ৷ দাবী কৰা ধন দিবলৈ অমান্তি হলেই বাহনৰ চালকক প্ৰহাৰ কৰাৰ অভিযোগ এই গুণ্ডা বাহিনীৰ বিৰুদ্ধে ৷

goons-forces-commit-terrorism-on-silchar-highway
শিলচৰৰ ৰাজপথত টেক্স সংগ্ৰহকাৰী গুণ্ডা বাহিনীৰ সন্ত্ৰাস

By

Published : Aug 9, 2021, 8:14 PM IST

কাছাৰ, 9 আগষ্ট : শিলচৰৰ ৰাজপথত অবৈধ গেট স্থাপন কৰি গুণ্ডা টেক্স সংগ্ৰহ কৰিছে একাংশ গুণ্ডা বাহিনীয়ে ৷ গুণ্ডা টেক্স নিদিয়াৰ বাবেই দেওবাৰে নিশা শিলচৰৰ ৰাজপথত এজন ট্ৰাক চালকক দলবদ্ধ আক্ৰমণ গুণ্ডা বাহিনীৰ ৷ গুণ্ডা বাহিনীৰ তাণ্ডৱত অতিষ্ঠ হৈ আৰক্ষীৰ কাষ চাপিছে ট্ৰাক মালিক সকল ৷ ঘটনাৰ উচিত ন্যায় বিচাৰি চাই তাৰাপুৰ আৰক্ষী চকীত এক গোচৰ ৰুজু কৰিছে ট্ৰাকৰ মালিক সকলে ৷

প্ৰাপ্ত খবৰ অনুসৰি,দেওবাৰে নিশা শিলচৰ চহৰৰ মাজমজিয়াত থকা ইএনডি কলনিত সংঘটিত হয় এই ঘটনা ৷ অভিযোগ মতে,অঞ্চলটোৰ একাংশ যুৱকে ৰাজপথত এখন অবৈধ গেট স্থাপন কৰি যোৱা তিনিচাৰি মাহৰ পৰা গুণ্ডা টেক্স সংগ্ৰহ কৰি আহিছে ৷ নিশা হ’লেই ৰাজপথেৰে অহা যোৱা প্ৰতিখন ট্ৰাকে এই গেটত দিব লাগে 400 ৰ পৰা 500 টকা পৰ্যন্ত গুণ্ডা টেক্স ৷ গুণ্ডা টেক্স নিদিলেই ট্ৰাক চালকক গুণ্ডা বাহিনীয়ে মাৰধৰ কৰে বুলি অভিযোগ উত্থাপিত হৈছে ৷

শিলচৰৰ ৰাজপথত টেক্স সংগ্ৰহকাৰী গুণ্ডা বাহিনীৰ সন্ত্ৰাস

লগতে পঢ়ক :অসমৰ ভূমি বেদখলক লৈ উত্তপ্ত বিধানসভা : বিৰোধীৰ সদন ত্যাগ

উত্থাপিত হোৱা অভিযোগ মতে, দাবী কৰা ধন নাপালেই হাতে-হাতে লাঠি লৈ চিনেমাৰ কায়দাৰে অসহায় ট্ৰাক ড্ৰাইভাৰৰ ওপৰত জপিয়াই পৰে গুণ্ডা বাহিনীৰ সদস্য ৷ দেওবাৰৰ নিশাও সংঘটিত হয় অনুৰূপ ঘটনা ৷

কিন্তু পৰৱৰ্তী সময়ত ঘটনাস্থলীৰ পৰা কোনোমতে প্ৰাণ ৰক্ষা কৰি পলায়ন কৰে ট্ৰাক চলাক গৰাকীয়ে ৷ এই খবৰ চাৰিওফালে বিয়পি পৰাৰ পিছতে জিলাখনৰ সকলো ট্ৰাক মালিক একত্ৰিত হৈ এই ঘটনাৰ উচিত তদন্তৰ দাবী জনাইছে ৷ লগতে ঘটনা সন্দৰ্ভত তাৰাপুৰ আৰক্ষী চকীত এক গোচৰো ৰুজু কৰিছে ট্ৰাকৰ মালিক সকলে ৷ এই অবৈধ গেইট খনৰ বিৰুদ্ধে শীঘ্ৰেই ব্যবস্থা গ্ৰহণৰ দাবী জনাইছে ট্ৰাক মালিক সকলে ৷

লগতে পঢ়কঃনৰেন্দ্ৰ মোদী-অমিত শ্বাহৰ সৈতে কি আলোচনা হ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ?

ABOUT THE AUTHOR

...view details