কাছাৰ, 10 অক্টোবৰ :অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মাক আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনোৱাৰ সিদ্ধান্ত লৈছে কাছাৰ জিলাৰ বৰখলাৰ স্থানীয় ৰাইজে । মুখ্যমন্ত্ৰীৰ যুগান্তকাৰী পদক্ষেপৰ প্ৰতি সঁহাৰি জনাই তেঁওলৈ পাঁচ হাজাৰ পোষ্ট কার্ড পঠোৱাৰ বাবে সিদ্ধান্ত লৈছে বৰখলাবাসী ৰাইজে ৷
মুখ্যমন্ত্ৰীলৈ পাঁচ হাজাৰপোষ্ট কার্ড প্ৰেৰণ কাছাৰ জিলাৰ বৰখলা সমষ্টিৰ ইটখলাঘাটত বৰাক নদীৰ ওপৰত কিশোৰ সেঁতুৰ সফল বাস্তৱায়িত কৰাৰ বাবে মুখ্যমন্ত্ৰীক কৃতজ্ঞতা জনোৱাৰ সিদ্ধান্ত লৈছে অঞ্চলটোৰ স্থানীয় ৰাইজে ৷ কিশোৰ সেঁতুৰ ওপৰত শনিবাৰে এখন সংবাদমেলৰ আয়োজন কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মাক ধন্যবাদ জনায় ৰাইজে ।
উপস্থিত ৰাইজে মুখ্যমন্ত্ৰী আৰু প্ৰাক্তন বিধায়ক কিশোৰ নাথ জিন্দাবাদ ধ্বনিৰে চৌদিশ উত্তাল কৰি তোলে ৷ স্থানীয় লোকে প্ৰকাশ কৰা অনুসৰি ড৹ হিমন্ত বিশ্ব শর্মা অসমৰ বিত্তমন্ত্ৰী থকা সময়তে সেঁতু নির্মাণৰ বাবে অর্থ মঞ্জুৰ কৰিছিল ।
মুখ্যমন্ত্ৰীলৈ পাঁচ হাজাৰপোষ্ট কার্ড প্ৰেৰণ বৰখলাৰ ৰাইজৰ যোগাযোগ ব্যবস্থাৰ বাবে বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ এই পদক্ষেপ এক যুগান্তকাৰী পদক্ষেপ আছিল বুলি উল্লেখ কৰে স্থানীয় লোকে । যাৰ বাবে তেওঁলৈ পাঁচ হাজাৰ পোষ্ট কার্ড প্ৰেৰণ কৰে স্থানীয় লোকে ৷
লগতে পঢ়ক :পূজা উপভোগ কৰিবলৈ মুখ্যমন্ত্ৰীক আমন্ত্ৰণ শিলচৰৰ বিধায়কৰ