অসম

assam

ETV Bharat / state

কাগজ কল কৰ্মচাৰীৰ পৰিয়ালৰ কাষত থিয় দিলে প্ৰাক্তন সাংসদ সুস্মিতা দেৱ - সুস্মিতা দেৱ

ক্ৰমাৎ সহায়হীন হৈ পৰা কাগজ কলৰ কৰ্মচাৰীসকলৰ পৰিয়ালক আৰ্থিকভাৱে সহায় আগবঢ়াই জিলা কংগ্ৰেছে ৷

কাগজ কলৰ কৰ্মচাৰীক 1 লাখ টকা আগবঢ়ালে সুস্মিতা দেবে
কাগজ কলৰ কৰ্মচাৰীক 1 লাখ টকা আগবঢ়ালে সুস্মিতা দেবে

By

Published : Jan 22, 2020, 7:33 AM IST

কাছাৰ,21 জানুৱাৰীঃমঙলবাৰেকাছাৰ কাগজ কলৰ কৰ্মচাৰীসকলৰ কাষত থিয় দিলে শিলচৰৰ প্ৰাক্তন সাংসদ তথা সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেৱ ৷ ক্ৰমাৎ সহায়হীন হৈ পৰা কাগজ কলৰ কৰ্মচাৰীসকলৰ পৰিয়ালক আৰ্থিকভাৱে সহায় আগবঢ়াই জিলা কংগ্ৰেছে ৷ মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেৱে জিলা কংগ্ৰেছৰ সদস্যসকলৰ পৰা অৰ্থ সংগ্ৰহ কৰি শিশুসকলৰ শিক্ষাৰ বাবে 1 লাখ টকা আগবঢ়াই ৷ আনহাতে কেন্দ্ৰীয় চৰকাৰে বিগত দিনত কাগজ কলৰ কৰ্মচাৰীসকল তথা তেওঁলোকৰ পৰিয়ালসমূহৰ প্ৰতি কোনো গুৰুত্ব আৰোপ নকৰা বুলি অভিযোগ উত্থাপন কৰি নৰেন্দ্ৰ মোডীৰ ওপৰত সৰৱ হৈ পৰে ৷ ইয়াৰোপৰি সাংবাদিকৰ আগত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক মিছলীয়া বুলিয়ো মন্তব্য কৰে প্ৰাক্তন সাংসদগৰাকীয়ে ৷

কাগজ কলৰ কৰ্মচাৰীক 1 লাখ টকা আগবঢ়ালে সুস্মিতা দেবে

For All Latest Updates

ABOUT THE AUTHOR

...view details