শিলচৰ, 15 জানুৱাৰী : শুকুৰবাৰে অসমীয়াৰ বাপতি সাহোন মাঘৰ বিহুটি সমগ্ৰ অসমতে অতি উলহ-মালহেৰে পালন কৰা হয় (People celebrating Bhogali Bihu in Assam) ৷ তাৰ মাজতেই শিলচৰৰ কালাইন ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident at Silchar) ৷
এই শোকাৱহ পথ দুৰ্ঘটনা (Tragic road accident in Silchar) ৰ ফলত প্ৰাণ হেৰুৱাই এটি শিশুৱে ৷ প্ৰাপ্ত তথ্য অনুসৰি, বৰখলা বিধানসভা সমষ্টিৰ ভাংগাৰপাৰৰ এটা পৰিয়ালৰ 6 গৰাকী সদস্যই এখন অট’ৰে কালাইন ৰাষ্ট্ৰীয় ঘাইপথেৰে শিলচৰ অভিমুখে গৈ থকা অৱস্থাতে সংঘটিত হয় এই দুৰ্ঘটনা ৷
বিহুৰ দিনা শিলচৰত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনা অট’খনে আকস্মিকভাৱে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ পৰা বাগৰি পৰে ৷ যাৰ ফলত থিতাতে নিহত হয় ৰকি নাথ নামৰ ন বছৰীয়া শিশুটোৰ ৷ এই দুৰ্ঘটনাৰ ফলত অট’ চালকসহ পৰিয়ালটোৰ বাকী 7 জন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷
পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ এটা দল ৷ আৰক্ষীৰ দলটোৱে স্থানীয় লোকসকলৰ সহযোগত আহত ব্যক্তিকেইজনক উদ্ধাৰ কৰি প্ৰাথমিক চিকিৎসাৰ বাবে শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে ৷ ঘটনাটোৰ ফলত অঞ্চলটোত শোকৰ ছাঁ পৰিছে ৷
লগতে পঢ়ক :Covid update in assam : ৰাজ্যত বিগত 24 ঘণ্টাত 2348 গৰাকী ব্যক্তি কৰ’ণাত আক্ৰান্ত