অসম

assam

ETV Bharat / state

পিচ্ ইণ্ডিয়াৰ কৰ্মকৰ্তাৰ সৈতে আলোচনা মুখ্যমন্ত্ৰী সোণোৱালৰ - সামাজিক সংগঠন

মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল উত্তৰ-পূর্বত গাল্ফ এপ্রুভড মেডিকেল চেন্টাৰ আৰম্ভ কৰাৰ দাবী পিচ্ ইণ্ডিয়া সামাজিক সংগঠনৰ কর্মকর্তাৰ । সংগঠনটোৰ সদস্য সকলে এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সৈতে এখন আলোচনাত মিলিত হয় ৷

Demand for gamca centre started North East
পিস ইন্ডিয়াৰ কৰ্মকৰ্তাৰ সৈতে আলোচনা মুখ্যমন্ত্ৰী সোণোৱালৰ

By

Published : Jan 13, 2021, 8:19 AM IST

কাছাৰ,13জানুৱাৰী : উত্তৰ-পূর্বত গাল্ফ এপ্রুভোড মেডিকেল চেন্টাৰ (গামকা) আৰম্ভ কৰাৰ দাবীত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ দৃষ্টি আকর্ষণ কৰিলে পিচ্ ইণ্ডিয়া সামাজিক সংগঠনৰ কর্মকর্তা সকলে । সোমবাৰে শিলচৰৰ আৱর্ত ভৱনত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক সাক্ষাৎ কৰে পিচ্ ইণ্ডিয়া সামাজিক সংগঠনৰ কর্মকর্তা সকলে ।

উল্লেখ্য যে, উত্তৰ-পূর্বত গামকা চেন্টাৰ নথকাৰ বাবে বহিঃদেশত কর্মসংস্থান পোৱাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে বহু যুৱক-যুৱতী ৷ উত্তৰ-পূর্বত চেন্টাৰ নথকাৰ বাবে বহিঃৰাজ্যত গৈ শিক্ষা গ্ৰহণ কৰিব নোৱাৰে যুৱক-যুৱতী সকলে ৷ যাৰ বাবে সমস্যাত আগ্ৰহ থাকিও বঞ্চিত হ'বলগীয়া হৈছে যুৱক-যুৱতীসকল ৷

এই উদ্দেশ্যৰে সংগঠনটোৰ কর্মকর্তা সকলে গামকা চেন্টাৰ সন্দৰ্ভত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ সৈতে এখন আলোচনাত মিলিত হয় ৷ মুখ্যমন্ত্রীৰ সৈতে এই আলোচনাত উপস্থিত থাকে সংগঠনটোৰ সভাপতি ৰকিবুল হাচান চৌধুৰী, সাধাৰণ সম্পাদক দেবাংশু চৌধুৰী, ৰাজেন নাগ আৰু ৰাকিব আলী ।

অন্য এক খবৰৰ বাবে:বকোত অসম জাতীয় পৰিষদৰ বিশাল সভা

ABOUT THE AUTHOR

...view details