কাছাৰ, 10 এপ্ৰিল :খোদআৰক্ষীৰ জোৱানৰ হাতৰ পৰাই পলায়ন অভিযুক্তৰ ।পিছে পিছে প্ৰায় তিনি কিলোমিটাৰ খেদিও অভিযুক্তক ধৰাত ব্য়ৰ্থ হ’ল আৰক্ষী ৷ কাছাৰত সংঘটিত হৈছে এই ঘটনা, আদালতৰ চৌহদৰ পৰাই জঁপিয়াই দেৱাল পাৰ হৈ পলায়ন কৰিছিল এনাম উদ্দিন লস্কৰ নামৰ লোকজনে ৷
উল্লেখযোগ্য যে, দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিনা উধাৰবন্ধ নেট্ৰপিৰ সম্মুখত ই.ভি.এম. ক্ষতিসাধন কৰাৰ অভিযোগত শুকুৰবাৰে ৰাতিপুৱা উধাৰবন্ধ আৰক্ষীয়ে এনাম উদ্দিন লস্কৰ নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰিছিল আৰু নিয়ম অনুসৰি আৰক্ষীয়ে উধাৰবন্ধৰ পৰা অভিযুক্ত যুৱক জনক কাছাৰ আদালত হাজিৰ কৰোৱাৰ উদ্দেশ্যে লৈ গৈছিল ৷ কিন্তু, আদালতত উপস্থিত হোৱাৰ পিছত অভিযুক্ত যুৱকজনে লগতে থকা দুজন আৰক্ষীৰ জোৱানৰ চকুত ধুলি দি আদালতৰ দেৱাল জঁপিয়াই পাৰ হৈ পলায়ন কৰে ৷