কাছাৰ,21 মাৰ্চঃ শিলচৰ মেডিকেল কলেজত কৰ’ণাত এগৰাকী বৃদ্ধাই মৃত্যু সাৱটি লৈছে ৷ মৃত ব্যক্তিগৰাকীৰ নাম মনোহৰ গৌড় ৷ বয়স ৫০ বছৰ ৷ মনোহৰ গৌড় কাছাৰ জিলাৰ উধাৰবন্ধ দয়াপুৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে ৷ যোৱা ১৭ মাৰ্চৰ পৰা মনোহৰ জ্বৰত আক্ৰান্ত হৈ শিলচৰ মেডিকেল কলেজত ভৰ্তি হৈ আছিল ৷ তাৰপিছতে তেওঁৰ দেহত ধৰা পৰে ক’ভিড-19 পজিটিভ ৷ দেওবাৰে বিয়লি শিলচৰ মেডিকেল কলেজত তেওঁৰ মৃত্যু হয় ব্যক্তি গৰাকীৰ ৷
ইপিনে শিলচৰ মেডিকেল কলেজৰ অধ্যক্ষ ডঃ বাবুল বেজবৰুৱাৰ মতে ইয়াক ক’ৰনাৰ দ্বিতীয় ৱেভ বুলি চিনাক্ত কৰিছে ৷ নিৰ্বাচনৰ পিছত দ্বিতীয় ৱেভে আৰু ভয়ংকৰ ৰূপ লব পাৰে বুলি তেওঁৰ ধাৰণা কৰিছে ৷
ৰাজ্যত ক’ভিড-19 দ্বিতীয় ৱেভৰ প্ৰথমগৰাকী ৰোগীৰ মৃত্যু - মনোহৰ গৌড়
যোৱা ১৭ মাৰ্চৰ পৰা মনোহৰ জ্বৰত আক্ৰান্ত হৈ শিলচৰ মেডিকেল কলেজত ভৰ্ত্তি হৈ আছিল ৷ তাৰপিছতে মেডিকেল কলেজত তেওঁৰ দেহত ধৰা পৰে কভিড-19 পজিটিভ ৷ দেওবাৰে বিয়লি শিলচৰ মেডিকেল কলেজত তেওঁৰ মৃত্যু হয় ব্যক্তি গৰাকীৰ ৷
কাছাৰত ক’ভিড-19 দ্বিতীয় ৱেভত প্ৰথম গৰাকী ৰোগীৰ মৃত্যু