অসম

assam

By

Published : Feb 23, 2021, 8:21 PM IST

ETV Bharat / state

মূল্যবৃদ্ধিৰ প্ৰতিবাদত শিলচৰত কংগ্ৰেছৰ পথ অৱৰোধ কাৰ্যসূচী

পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত পুনৰ প্ৰতিবাদত নামিল কংগ্ৰেছ । মঙলবাৰে শিলচৰত পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে উধাৰবন্দ ব্লক কংগ্ৰেছ কমিটীয়ে ।

মূল্যবৃদ্ধিৰ প্ৰতিবাদত শিলচৰত কংগ্ৰেছৰ পথ অৱৰোধ কাৰ্যসূচী
মূল্যবৃদ্ধিৰ প্ৰতিবাদত শিলচৰত কংগ্ৰেছৰ পথ অৱৰোধ কাৰ্যসূচী

শিলচৰ, ২৩ ফেব্ৰুৱাৰী: মঙলবাৰে শিলচৰৰ কুম্ভিৰগ্ৰাম ভিআইপি পথ অৱৰোধ কৰিলে কংগ্ৰেছৰ কৰ্মকৰ্তাই । পেট্ৰ'ল-ডিজেলৰ বৰ্ধিত মূল্য নিয়ন্ত্ৰণৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে উধাৰবন্দ ব্লক কংগ্ৰেছ কমিটীয়ে । কুম্ভিৰগ্ৰাম ভিআইপি পথৰ ৰংপুৰত পুৱাৰে পৰা ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত উধাৰবন্দৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী অজিত সিঙে অংশগ্ৰহণ কৰে ।

পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধি ৰোধত বিজেপি চৰকাৰ ব্যৰ্থ হোৱাৰ অভিযোগ তুলি প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে তীব্ৰ সমালোচনা কৰে । আনহাতে, পথ অৱৰোধ কৰাৰ ফলত শ শ যানবাহন ৰাজপথতে আৱদ্ধ হৈ পৰে আৰু যাত্ৰীয়ে হাৰাশাস্তি ভূগিবলগীয়া হয় ।

লগতে পঢ়ক:বিহপুৰীয়াত এজেপিৰ বাইক ৰেলীত অংশগ্ৰহণ লুৰীণজ্যোতি গগৈৰ

ABOUT THE AUTHOR

...view details