শিলচৰ,3 এপ্ৰিল: শিলচৰৰসোনাই বুধ চেণ্টাৰত সৃষ্টি হোৱা অগ্নিগৰ্ভা পৰিস্থিতিৰ ফলত কোনো ধৰণৰ ইভিএম নষ্ট হোৱা নাই বুলি দাবী কৰিছে কাছাৰ জিলা প্ৰশাসনে ৷ শিলচৰত সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতিৰ পাছতো কাছাৰ প্ৰশাসনে ইভিএমসমূহ সুৰক্ষিত অৱস্থাত ৰাখিবলৈ সক্ষম হৈছে বুলি জানিবলৈ দিয়াৰ লগতে সমগ্ৰ ঘটনা সন্দৰ্ভত স্পষ্টীকৰণ দি কাছাৰ প্ৰশাসনে এই কথা সদৰী কৰে ৷
শিলচৰত এখন সংবাদমেল সম্বোধন কৰি ঘটনা সন্দৰ্ভত স্পষ্টীকৰণ দি কাছাৰ জিলা প্ৰশাসনৰ উপায়ুক্ত কীৰ্তি জল্লী আৰু আৰক্ষী বিষয়া মিনা ক'লে বৰ্তমান সমগ্ৰ পৰিস্থিতি শান্ত বুলি জানিবলৈ দিয়ে ৷ অন্য কোনো ধৰণৰ বিসংগতি যাতে সংঘটিত নহয়, তাৰ বাবে আৰক্ষী প্ৰশাসন সতৰ্ক হৈ আছে বুলি জানিবলৈ দিয়ে ৷ লগতে নেট্ৰিপৰত হোৱা ঘটনাত নষ্ট হোৱা ইভিএম মেচিনটো খালী ইভিএম মেচিন আছিল বুলি দাবী কৰে ৷