কাছাৰ, 26 নৱেম্বৰ: সমগ্ৰ দেশতে কৃষক আন্দোলন ক্ৰমাৎ তীব্ৰতৰ হ'বলৈ আৰম্ভ কৰিছে ৷ ইতিমধ্যে প্ৰশাসনৰ বাধাক নেওচি দিল্লীমুখী যাত্ৰা অব্যাহত ৰাখিছে পাঞ্জাৱ-হাৰিয়ানাৰ দুুই লাখ কৃষকে ৷
শিলচৰত চিটুৰ উত্তাল প্ৰতিবাদ - দিল্লীমুখী যাত্ৰা
সমগ্ৰ দেশতে কৃষক আন্দোলন ক্ৰমাৎ তীব্ৰতৰ হ'বলৈ আৰম্ভ কৰিছে ৷ ইতিমধ্যে প্ৰশাসনৰ বাধাক নেওচি দিল্লীমুখী যাত্ৰা অব্যাহত ৰাখিছে পাঞ্জাৱ-হাৰিয়ানাৰ দুুই লাখ কৃষকে ৷
ইয়াৰ সমান্তৰালভাৱে শ্ৰমিক-কৃষক স্বাৰ্থবিৰোধী বিজেপি চৰকাৰৰ নীতি পৰিবৰ্তনৰ দাবীত আৰু সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে বৃহস্পতিবাৰে বৰাক উপত্যকাৰ শিলচৰত চিটুৱে(CITU) উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ শিলচৰত প্ৰতিবাদকাৰীসকলে হাতে হাতে চৰকাৰ বিৰোধী প্লে কাৰ্ড লৈ অ‘এনজিচি আৰু পাৱাৰ গ্ৰীডৰ সন্মুখত অৱস্থান কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷ প্ৰতিবাদকাৰীসকলে উলিওৱা সমদলৰ ফলত বহু সময় ধৰি শিলচৰ-বদৰপুৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত আৱদ্ধ হৈ পৰে বহু যান-বাহন ৷
লগতে পঢ়ক: ৰঙিয়াত চিটুৰ উত্তাল প্ৰতিবাদ