কাছাৰ , ২০ মাৰ্চ : মঙলবাৰে নিশা কাচাৰ জিলাৰ বৰখলা হাতিচৰা পঞ্চায়তৰ সভাপতি সুখেন্দু দাসক কোনো দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে । এই গুলীচালনাত গুৰুতৰ ভাৱে আহত হয় আন এজন বিজেপি কৰ্মী ৰিংকু সেনাপতি ।
কাছাৰত বিজেপি কৰ্মীক গুলীয়াই হত্যা - সুখেন্দু দাস
বৰখলা হাতিচৰা পঞ্চায়তৰ সভাপতি সুখেন্দু দাসক গুলীয়াই হত্যা দুৰ্বৃত্তৰ ৷
কাছাৰত বিজেপি কৰ্মীক গুলীয়াই হত্যা
গুলীচালনাৰ ঘটনাৰ পাচতে বিজেপি কৰ্মী সুখেন্দু দাস আৰু ৰিংকু সেনাপতিক ততাতৈয়াকৈ সংকতজনক অৱস্থাত শিলচৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় । কিন্তু বিজেপি কৰ্মী সুখেন্দু দাসে চিকিৎসালয়ত মৃত্যু হয়। এই ঘটনাৰ পাচত সমগ্ৰ অঞ্চলতে এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে ।