ডিমা হাছাও, 16 জুন : ডিমা হাছাও জিলাত বিজেপিৰ জন সম্পৰ্ক অভিযান আৰম্ভ । মঙলবাৰে এই জন সম্পৰ্ক অভিযান সন্দৰ্ভত হাফলং বিজেপিৰ মুখ্য কাৰ্যালয়ত আয়োজন কৰা হয় এখন সাংবাদমেলৰ ৷ সংবাদমেলখন সম্বোধন কৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লচাই ৷ দেৱলাল গাৰ্লচাই ডিমা হাছাও জিলাৰ বিভিন্ন উন্নয়নমূলক কাম কাজৰ কথা সদৰী কৰে সংবাদ মাধ্যমৰ আগত ।
সংবাদ মেলত দেৱলাল গাৰ্লচাই কয় যে,কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সহযোগত ডিমা হাছাও জিলাত ৰাস্তা পদূলিৰ পৰা আৰম্ভ কৰি শিক্ষা স্বাস্থ্য পানী যোগানৰ আঁচনিৰ কাম চলি আছে । উমৰাংচুত এচিএছ প্ৰশিক্ষণ কেন্দ্ৰ নিৰ্মাণৰ লগত 36 কোটি টকা ব্যয় কৰি উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ স্কিল ডেভেলপমেণ্ট কেন্দ্ৰৰ নিৰ্মাণৰ কাম চলি আছে ।