শিলচৰ, 28 এপ্ৰিল : ভাৰতীয় জাতীয় কংগ্ৰেছৰ অন্তঃৱৰ্তীকালীন অধ্যক্ষ ছোনিয়া গান্ধীৰ মন্তব্যৰ বিৰুদ্ধে সোমবাৰে তীব্ৰ সমালোচনা কৰে শিলচৰৰ বিধায়ক দিলীপ কুমাৰ পালে ৷ মহামাৰী আতংকৰ এই সময়ছোৱাত ছোনিয়া গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদীক লৈ দিয়া মন্তব্য দুখজনক বুলি বিধায়ক পালে ব্যক্ত কৰে ৷
ছোনিয়া গান্ধীৰ মন্তব্যক সমালোচনা বিধায়ক দিলীপ পালৰ - চৰকাৰক সমালোচনা
শিলচৰৰ বিধায়ক দিলীপ কুমাৰ পালৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ অন্তঃৱৰ্তীকালীন অধ্যক্ষ ছোনিয়া গান্ধীৰ মন্তব্যক সমালোচনা ৷ লক ডাউনৰ সময়ছোৱাত দৰিদ্ৰক সহায় নকৰি কেৱল ঘৰতে বহি সামাজিক মাধ্যমত চৰকাৰক সমালোচনা কৰাতো সঁচাকৈয়ে দুখজনক বুলি বিধায়কগৰাকীয়ে ব্যক্ত কৰে ৷
ছোনিয়া গান্ধীৰ মন্তব্যক সমালোচনা বিধায়ক দিলীপ পালৰ
শিলচৰৰ মালুগ্ৰাম অঞ্চলত সাহাৰ্য বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ অধ্যক্ষগৰাকীক সমালোচনা কৰি তেওঁ কয় যে,যিসময়ত লক ডাউনৰ বাবে লাখ লাখ মানুহ গৃহবন্দী আৰু বিভিন্ন সমস্যাত ভুগি আছে তেওঁলোকক সহায় নকৰি ছোনিয়া গান্ধীয়ে ঘৰতে বহি সামাজিক মাধ্যমত চৰকাৰ আৰু শাসকীয় দলৰ নেতা-মন্ত্ৰীসকলক সমালোচনা কৰি আছে ৷
লগতে পঢ়ক : টিয়কত আবদ্ধ কাৰ্বি আংলঙৰ 8 শ্ৰমিক