অসম

assam

ETV Bharat / state

ছাত্ৰ সংস্থাৰ অসম চুক্তিৰ ক্লজ-6 কমিটিৰ ৰিপটক সমালোচনা - আছু অসমৰ অভিভাৱক নহয়

বিগত সময়ত আছু নামৰ ছাত্ৰ সংগঠনটোৰ কাৰণে অসমৰ অৱস্থা ভয়ানক হৈছিল ৷ এতিয়া আকৌ অসমক উত্তপ্ত কৰিবলৈ চেষ্টা কৰি আছে ৷ এইবাৰ ACKHSA তেনে পৰিস্থিতি হ’বলৈ নিদিয়ে ৷

all cache karimganj hailakhandi student associations press meet
সদৌ কাছাৰ ,কৰিমগঞ্জ ,হাইলাকান্দি ছাত্ৰ সংস্থাৰ অসম চুক্তিৰ ক্লজ-6 কমিটিৰ ৰিপটক সমালোচনা

By

Published : Aug 15, 2020, 4:34 PM IST

শিলচৰ,15আগষ্টঃ শনিবাৰে সদৌ কাছাৰ ,কৰিমগঞ্জ , হাইলাকান্দি ছাত্ৰ সংস্থাই এক সংবাদ মেলযোগে বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠন হোৱা অসম চুক্তিৰ ক্লজ-6 কমিটিৰ ৰিপটক তীব্ৰ সমালোচনা কৰে ৷ সংস্থাটোৰ উপদেষ্টা ৰূপম নন্দী পুৰকায়স্থই উল্লেখ কৰে যে, বিগত সময়ছোৱাত আছু নামৰ ছাত্ৰ সংগঠনটোৰ কাৰণে অসমৰ অৱস্থা ভয়ানক হৈছিল ৷ এতিয়া আকৌ অসমক উত্তপ্ত কৰিবলৈ চেষ্টা কৰি আছে ৷ কিন্তু এইবাৰ ACKHSAয়ে এইবাৰ তেনে পৰিস্থিতি হ’বলৈ নিদিয়ে ৷ দৰকাৰ হলে তেজ দি হলেও অসমক ৰক্ষা কৰিব ৷ আছু অসমৰ অভিভাৱক নহয় বুলি মন্তব্য কৰে সদৌ কাছাৰ ,কৰিমগঞ্জ , হাইলাকান্দি ছাত্ৰ সংস্থাৰ নেতা ৰূপম নন্দী পুৰকায়স্থই ৷

সদৌ কাছাৰ ,কৰিমগঞ্জ ,হাইলাকান্দি ছাত্ৰ সংস্থাৰ অসম চুক্তিৰ ক্লজ-6 কমিটিৰ ৰিপটক সমালোচনা

ইপিনে সততে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ নাম লৈ থকা দেখা যায়, কিন্তু বাস্তৱতে তেঁওলোক বৰাকৰ বিৰোধী বুলি একেখন সংবাদমেলতে উল্লেখ কৰে ৰূপম নন্দী পুৰকায়স্থই ৷ বিজেপি নেতৃত্বাধীন চৰকাৰখনকো সমালোচনা কৰি কৰি কয় যে, আজিকোপতি চৰকাৰ খনে পাঁচগ্ৰাম কাগজ কলতোৰ লগতে বন্ধ হৈ থকা বিভিন্ন মিল সমূহৰ ক্ষেত্ৰত চৰকাৰ খনে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা দেখা নগ’ল বুলি ক্ষোভ প্ৰকাশ কৰে সংস্থাটোংৱে ৷

লগতে পঢ়কঃ জিলা প্ৰশাসনৰ উদ্যোগত দক্ষিণ শালমৰাত স্বাধীনতা দিৱস উদযাপন

ABOUT THE AUTHOR

...view details