স্বাধীনতাৰ ৭৫ বছৰ : বৰহাথ পৰিয়ালৰ ত্যাগৰ অমৰ কাহিনী
ৰাজস্থানৰ বৰহাথ পৰিয়ালে ব্ৰিটিছক ভাৰতৰ পৰা খেদি পঠিয়াবলৈ বিপ্লৱৰ পথত খোজ দিছিল । এয়া হৈছে এগৰাকী পিতৃ, পুত্ৰ আৰু ভাতৃৰ কাহিনী যিয়ে ৰাজস্থান আৰু মধ্য প্ৰদেশৰ কেতবোৰ স্থানত ৰাইজৰ মাজত বিপ্লৱী সত্ত্বা জগাই তুলিবলৈ লোকগীত পৰিৱেশন কৰিছিল । লগতে ব্ৰিটিছৰ বিৰুদ্ধে নিজৰ স্থিতি স্পষ্ট কৰি বিভিন্ন কাৰ্য সংঘটিত কৰিছিল আৰু বিপ্লৱৰ বীজ ৰোপণ কৰিছিল । গোটেই পৰিয়ালটোৱে ভাৰতৰ স্বাধীনতাৰ কাৰণে তেওঁলোকৰ জীৱন উৎসৰ্গা কৰিছিল । ভাৰতৰ স্বাধীনতাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা বিপ্লৱী পৰিয়ালটোলৈ ইটিভি ভাৰতৰ তৰফৰ পৰাও জনাইছো শ্ৰদ্ধাঞ্জলি ।
গ্ল’বেল ষ্টাৰ প্ৰভাষৰ জন্মদিন উললক্ষে ইনষ্টাগ্ৰামে মুকলি কৰিলে নতুন ফিল্টাৰ
আজি দক্ষিণৰ জনপ্ৰিয় অভিনেতা প্ৰভাষৰ জন্মদিন ৷ গ্ল’বেল তাৰকাগৰাকীৰ জন্মদিন উপলক্ষে ইনষ্টাগ্ৰামে ‘Global Prabhas Day’ বুলি মুকলি কৰিছে এটি নতুন ইনষ্টাগ্ৰাম ফিল্টাৰ ৷
বৰাকক অসমৰ পৰা পৃথক কৰি দিয়াৰ আহ্বান ড৹ নগেন শইকীয়াৰ
বৰাক উপত্যকাক অসমৰ পৰা পৃথক কৰি দিয়াৰ আহ্বান জনালে বৰেণ্য সাহিত্যিক ড৹ নগেন শইকীয়াই ৷ বৰাকত অসমীয়া ফলকত ক’লা ৰং সানি কাৰ্যক লৈ বিতৰ্ক অব্যাহত থকাৰ মাজতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাহিত্যিক ড৹ নগেন শইকীয়াই ৷
পৃথক বৰাক : ড৹ নগেন শইকীয়াৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়া শংকৰ জ্যোতি বৰুৱাৰ
বৰেণ্য সাহিত্যিক ড৹ নগেন শইকীয়াই বৰাকক পৃথক ৰাজ্য ঘোষণাৰ বাবে কৰা বিস্ফোৰক মন্তব্যৰ পাছতেই সদৌ অসম ছাত্র সন্থাৰ নিজা প্ৰতিক্ৰিয়া । আছুৰ সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাৰ প্ৰতিক্ৰিয়া । ৰাজ্যত সমস্যাৰ উদ্ভৱ হ'লে ৰাজ্যখনৰ কোনো ঠাইকে পৃথক কৰি সমাধান কৰিব পৰা নাযাব বুলি মন্তব্য আছুৰ সাধাৰণ সম্পাদক গৰাকীৰ ৷
মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ বন্ধ কৰিবলৈ নিৰ্বাচন আয়োগক পত্ৰ বিৰোধী দলপতিৰ
হিমন্ত বিশ্ব শৰ্মাক উপ-নিৰ্বাচনৰ প্ৰচাৰ চলোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিবলৈ অনুৰোধ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ৷ দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তলৈ প্ৰেৰণ কৰিলে পত্ৰ ৷