ভূপেন বৰা দলৰ পৰা আঁতৰি গ’লেই দলটো ঠিক হৈ যাব : ৰূপজ্যোতি কুৰ্মী
বিজেপি চৰকাৰৰ মিত্ৰজোঁটৰ বিধায়িনী বৈঠকৰ বাবে বৰগছ ৰিজটত মন্ত্ৰী-বিধায়কৰ আগমন । ইতিমধ্যে যোগাসন কাৰ্যসূচীত অংশ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে মন্ত্ৰী বিধায়ক সকল । এই কাৰ্যসূচীতে সংবাদ মাধ্যমৰ আগত কংগ্ৰেছ দলক কটাক্ষ কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে (MLA Rupjyoti Kurmi criticized Congress)।
পূৰ্বৰ চিপিআই(এম) চৰকাৰক সমালোচনা ত্ৰিপুৰাৰ মন্ত্ৰী সুশান্ত চৌধুৰীৰ
শ্ৰমিক, কৃষকসকলক পূৰ্বৰ কমিউনিষ্ট চৰকাৰে সভা বা ৰেলী আদিতহে ব্যৱহাৰ কৰিছিল । তেওঁলোকৰ হিতৰ বাবে চিন্তা কৰা নাছিল চৰকাৰে । চিপিআই(এম) চৰকাৰক সমালোচনা মন্ত্ৰী সুশান্ত চৌধুৰীৰ (Minister Sushanta Chaudhary criticizes previous CPIM govt)। ত্ৰিপুৰাৰ বৰ্তমানৰ চৰকাৰৰ দিনত শ্ৰমিক, কৰ্মচাৰীসকলৰ দায়িত্ব বাঢ়িছে । তেওঁলোকে এতিয়া সভা বা ৰেলী আদিত অংশ ল'ব নালাগে বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ ।
প্ৰাক্তন বিধায়ক তথা বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি আব্দুৰ ৰহিম খানৰ কংগ্ৰেছ ত্যাগ
প্ৰদেশ কংগ্ৰছৰ সভাপতি ৰিপুন বৰাৰ পাছত এইবাৰ কংগ্ৰেছ ত্যাগ কৰিলে প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খানে(EX MLA Abdur Rahim Khan quits Congress) ৷ কংগ্ৰেছ নেতৃত্বৰ খোৱা-কামোৰা, দ্বন্দ, অন্তঃকলহত অতিষ্ঠ হৈয়েই পদত্যাগ কৰাৰ কথা উল্লেখ প্ৰাক্তন বিধায়কগৰাকীয়ে ৷
আকৌ তিনিমাহৰ বাবে কাৰাগাৰলৈ প্ৰেৰণ জিগনেশ মেৱানীক
আকৌ কাৰাবন্দী হ’ল গুজৰাটৰ বিধায়ক জিগনেশ মেৱানী (Gujarat independent MLA Jignesh Mevani) ৷ অসম আৰক্ষীৰ জালৰ পৰা মুক্ত হৈ এইবাৰ গুজৰাট আৰক্ষীৰ ৰোষত পৰিছে দলিত নেতাগৰাকী ৷ তথ্য অনুসৰি, পাঁচ বছৰৰ এটি পুৰণি গোচৰৰ আধাৰতে বৃহস্পতিবাৰে পুনৰ তিনিমাহৰ বাবে কাৰাগাৰলৈ প্ৰেৰণ কৰা হয় জিগনেশ মেৱানীক (Jignesh mevani still needs to spend three months in prison) ৷
Chardham Yatra : ভক্তৰ বাবে মুকলি কেদাৰনাথ ধাম
উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগ জিলাত অৱস্থিত বাবা কেদাৰনাথ ধামৰ দুৱাৰ আজি মুকলি কৰা হয় (Doors of Kedarnath Dham opened for devotees)। পুৱা ৬.২৫ বজাত পৰম্পৰাগত ৰীতি-নীতিৰ মাজেৰে ভক্তৰ বাবে মুকলি হয় কেদাৰনাথ ধাম । মুকলি অনুষ্ঠানত উপস্থিত উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী ।