ক’ভিডত আক্ৰান্ত ধিং এক্সপ্ৰেছ হিমা দাস
হিমা দাসৰ দেহত ধৰা পৰিছে ক’ভিড 19ৰ উপস্থিতি ৷ মঙলবাৰে ক’ভিড পৰীক্ষাৰ ফলাফল পজিটিভ আহে এথলিট গৰাকীৰ ৷
মহা অষ্টমীত জনসমুদ্ৰত পৰিণত বুঢ়ী গোঁসানী দেৱালয়
মহাষ্টমী উপলক্ষে বুধবাৰে পুৱাৰে পৰা ব্যাপক হাৰত ভক্তৰ সমাগম ঘটিছে যোৰহাটৰ বুঢ়ী গোঁসানী দেৱালয়লৈ ৷ স্বৰ্গদেউ ৰূদ্ৰসিংহৰ দিনৰ পৰাই ঐতিহাসিক বুঢ়ী গোঁসানী দেৱালয়ত পালন কৰি অহা হৈছে দুৰ্গা পূজা । ২২৭ বছৰীয়া এই দেৱালয়ৰ পূজা এতিয়াও জাগ্ৰত বুলি প্ৰচলিত । এই দেৱালয়ত নৈবেদ্য আৰু প্ৰদীপ আগবঢ়ালে মনোকামনা পূৰ্ণ হয় বুলি জনমানসত প্ৰচলিত হৈ আহিছে । পূৰ্বে মহাষ্টমীৰ দিনটোত বুঢ়ী গোঁসানী দেৱালয়ত দেৱী দুর্গাৰ সন্মুখত বলি দিয়া হৈছিল যদিও এইবাৰ ক’ভিডৰ বাবে বলি দিয়া হোৱা নাই । উল্লেখ্য যে, এইবাৰ বুঢ়ী গোঁসানী দেৱালয়ত দেৱীৰ আশীষ ল’বলৈ হ’লে অথবা দেৱালয়ৰ চৌহদত প্ৰৱেশৰ ক্ষেত্ৰত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে ৷
মণিপুৰত উগ্ৰপন্থীৰ আক্ৰমণ : নিহত ৫
শেহতীয়াকৈ মণিপুৰত উগ্ৰপন্থীৰ কাৰ্য-কলাপ বৃদ্ধি পাইছে । উগ্ৰপন্থীৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ অভিযান অব্যাহত থকাৰ মাজতে পুনৰ লোমহৰ্ষক ঘটনা । এইবাৰ সাধাৰণ গঞাৰ ওপৰত আক্ৰমণ উগ্ৰপন্থীৰ ।
ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে NSUI ৰ প্ৰতিবাদ
বঙাইগাঁও জিলাৰ বালাপাৰাত মঙলবাৰে জিলা এনএছইউআয়ে পেট্ৰ’ল, ডিজেল আৰু ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । সংগঠনটোৰ জিলা সভাপতি ছফিকুল ইছলামৰ নেতৃত্বত প্ৰায় অৰ্ধ শতাধিক এনএছইউআইৰ কৰ্মীয়ে যোগীঘোপাৰ বালাপাৰা বজাৰৰ পৰা বেনাৰ-ফেষ্টুন লৈ এক প্ৰতিবাদী বাইক ৰেলী বাহিৰ কৰে ৷ প্ৰতিবাদকাৰীসকলে মোডী চৰকাৰ হায় হায়, বিজেপি চৰকাৰ মূৰ্দাবাদ, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰক, দৰিদ্ৰ জনসাধাৰণৰ ওপৰত হাৰাশাস্তি বন্ধ কৰক আদি বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে । এনএছইউআইৰ কৰ্মীসকলে বালাপাৰা তেল ডিপোত উপস্থিত হৈ তেল ডিপোৰ কৰ্মচাৰী আৰু মালিকক গামোচা আৰু মালা পিন্ধাই চৰকাৰক কঠোৰ সমালোচনা কৰে ৷
দেশৰ 40 টা নতুন কয়লাৰ খনিৰ বাবে মুকলি কৰা হৈছে নিলামী প্ৰক্ৰিয়া
প্ৰথম দুটা খণ্ডত দেশৰ 28 টা কয়লা খনিৰ সফলতাপূৰ্ণ নিলাম সম্পূৰ্ণ হোৱাৰ পিছতে পুনৰ 40 টা নতুন কয়লাৰ খনিৰ বাবে নিলামীৰ প্ৰক্ৰিয়া মঙলবাৰে মুকলি কৰিছে কেন্দ্ৰীয় কয়লা, খনি আৰু সংসদীয় পৰিক্ৰমা দপ্তৰে ৷