অসম

assam

ETV Bharat / state

The seventh string: বঙাইগাঁৱত "দ্যা ছেভেন্থ ষ্ট্ৰিং"ৰ প্ৰমোচন - The seventh string promotion in Bongaigaon

বঙাইগাঁওত "দ্যা ছেভেন্থ ষ্ট্ৰিং"ৰ প্ৰমোচনত উপস্থিত পৰিচালক বাহাৰুল ইছলাম আৰু অন্যান্য কলা কুশলী(The seventh string promotion in Bongaigaon) । অহা ২ ডিচেম্বৰ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বঙাইগাঁৱতো ৰিলিজ হ’ব "দ্যা ছেভেন্থ ষ্ট্ৰিং" ।

The seventh string promotion in Bongaigaon
The seventh string: বঙাইগাঁওত "দ্যা ছেভেন্থ ষ্ট্ৰিং"ৰ প্ৰমোচন

By

Published : Nov 27, 2022, 10:45 PM IST

বঙাইগাঁও, ২৬ নৱেম্বৰ:অহা দুই ডিচেম্বৰত মুক্তি পাব অসমীয়া বোলছবি "দ্যা ছেভেন্থ ষ্ট্ৰিং"(The seventh string promotion in Bongaigaon) ৷ বোলছবিখনৰ প্ৰচাৰৰ বাবে দেওবাৰে বঙাইগাঁৱৰ হোটেল জাহ্নৱীত উপস্থিত হয় ছবিখনৰ সৈতে জড়িত কলা-কুশলী ৷ ছবিখনৰ পৰিচালক বাহাৰুল ইছলাম আৰু ছবিখনৰ লিখক তথা অভিনেত্ৰী বৰ্ষা বাহাৰৰ লগতে ছবিখনৰ সৈতে জড়িত কেবাজনো অভিনেতা, কলা-কুশলী আহি উপস্থিত হয় বঙাইগাঁৱত ।

ফ্লাইং ছিগাৰ প্ৰডাকচনছৰ নিবেদন 'দ্যা ছেভেন্থ ষ্ট্ৰিং' কথাছবিৰ মূল অভিনেত্ৰী, কাহিনীকাৰ বৰ্ষা বাহাৰসহ অন্যান্য কলা কুশলীসকলে আজি ছবিখনৰ প্ৰচাৰ কৰাৰ লগতে উপস্থিত ৰাইজৰ সৈতে মত বিনিময় কৰে ৷ ছবিখনৰ পৰিচালক বাহাৰুল ইছলামে ছবিখন তথা জীয়ৰি বৰ্ষা বাহাৰ সন্দৰ্ভত কয় যে ,কম বয়সীয়া ছোৱালীবোৰে পৰিয়ালৰ পৰা আৰম্ভ কৰি ক’ত কিদৰে শোষণৰ বলি হয় তাক ছবিখনত সুন্দৰকৈ দাঙি ধৰা হৈছে বুলি । লগতে ছবিখনে ইতিমধ্যে ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক বিভিন্ন ঠাইত খ্যাতি তথা সমাদৰ লাভ কৰিছে বুলিও উল্লেখ কৰে ছবিখনৰ পৰিচালকগৰাকীয়ে ।

অভিনেতা বাহাৰুল ইছলামৰ নৱতম ছবি "দ্যা ছেভেন্থ ষ্ট্ৰিং" সন্দৰ্ভত প্ৰচাৰ চলাবলৈ গৈ ইছলামে পুনৰ কয় যে ছবিখনে কেবাটাও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ দৰ্শকে ছবিখনক আকোঁৱালি লৈ হৃদয়ংগম কৰিলে তেওঁলোকৰ লক্ষ্য সাৰ্থক হ'ব বুলি উল্লেখ কৰে ৷ তেওঁ লগতে ছবিখনত কম বয়সীয়া ছোৱালীয়ে পৰিয়ালৰ পৰা আৰম্ভ কৰি ক’ত কিদৰে শোষণৰ বলি হয় তাকে দাঙি ধৰা হৈছে বুলি জানিবলৈ দিয়ে ৷

The seventh string: বঙাইগাঁওত "দ্যা ছেভেন্থ ষ্ট্ৰিং"ৰ প্ৰমোচন

আজি ছবিখনৰ প্ৰচাৰ অনুষ্ঠানৰ সৈতে সংগতি ৰাখি হোটেল জাহ্নৱী ৰিজেন্সীত আয়োজিত অনুষ্ঠানত শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ৷ অনুষ্ঠানৰ সৈতে সংগতি ৰাখি দ্যা ছেভেন্থ ষ্ট্ৰিং নামৰ এক চিত্ৰাংকণ প্ৰতিযোগিতাৰ আয়োজন কৰা হয় ৷ চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ পাছত শ্ৰেষ্ঠ বিবেচিত প্ৰতিযোগীসকলক পুৰস্কাৰ প্ৰদান কৰা হয় ৷

অনুষ্ঠানটোত ছিগালৰ সমন্বয়ক নমিতা বসুমতাৰী, হেমন্ত কোচ আৰু হোটেল জাহ্নৱী ৰিজেন্সীৰ পৰিচালন সঞ্চালক প্ৰবীণ কুমাৰ বৈশ্য উপস্থিত থাকে ৷

লগতে পঢ়ক:Pragya Sadhak honor to Dr Hiren Gohain: বিশিষ্ট সাহিত্যিক ড৹ হীৰেন গোহাঁইলৈ প্ৰজ্ঞা সাধক সন্মান

ABOUT THE AUTHOR

...view details