অসম

assam

ETV Bharat / state

কৰ'ণাৰ সংহাৰত বিধ্বস্ত ৰাজ্যৰ বাঢ়ৈ সকল - micro traders

কৰ'ণা প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰা নতুন নিৰ্দেশনাই শেহতীয়াকৈ ক্ষতিগ্ৰস্ত কৰিছে আন আন ক্ষেত্ৰসমূহৰ লগতে কৃষিখণ্ড তথা ক্ষুদ্ৰ ব্যৱসায়ীসকলক ৷ বজাৰৰ অভাৱত উৎপাদিত শস্য, দুগ্ধজাত সামগ্ৰী আদি বিক্ৰী কৰিব নোৱাৰি ব্যৱসায়ীসকল হতাশাৰ সন্মুখীন হোৱাৰ দৰেই বাঁহ-বেতৰ সামগ্ৰী নিৰ্মাণ কৰি পৰিয়াল পোহপাল দিয়া লোক সকলো এতিয়া চিন্তিত হৈ পৰিছে ৷

SMALL TRADERS HIT BY PARTIAL LOCKDOWN
কৰ'ণাৰ সংহাৰত বিধ্বস্ত ৰাজ্যৰ বাঢ়ৈ সকল

By

Published : Jun 16, 2021, 7:09 PM IST

Updated : Jun 16, 2021, 10:31 PM IST

বঙাইগাঁও, 15 জুন : মহামাৰী কৰ'ণাই বিপদ নমাই আনিছে ৰাজ্যৰ অৰ্থনৈতিক অৱস্থাৰ প্ৰতি ৷ কৰ'ণাক প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰা নতুন নিৰ্দেশনাই শেহতীয়াকৈ ক্ষতিগ্ৰস্ত কৰিছে আন আন ক্ষেত্ৰসমূহৰ লগতে কৃষিখণ্ড তথা ক্ষুদ্ৰ ব্যৱসায়ীসকলক ৷ বজাৰৰ অভাৱত উৎপাদিত শস্য, দুগ্ধজাত সামগ্ৰী আদি বিক্ৰী কৰিব নোৱাৰি ব্যৱসায়ীসকল হতাশাৰ সন্মুখীন হোৱাৰ দৰেই বাঁহ-বেতৰ সামগ্ৰী নিৰ্মাণ কৰি পৰিয়াল পোহপাল দিয়া লোক সকলো এতিয়া চিন্তিত হৈ পৰিছে ৷ কিয়নো আন্তঃজিলা যাতায়ত তথা হাট-বজাৰ বন্ধ হোৱাৰ বাবেই বজাৰৰ অভাৱত সামগ্ৰী সমূহ বিক্ৰী কৰিব পৰা নাই ৷ যাৰ ফলত তেওঁলোকৰ অৱস্থা পানীত হাঁহ নচৰা হৈছে ৷

আন আন ঠাইৰ দৰে কৰ'ণাৰ সংহাৰে এক প্ৰকাৰ কোঙা কৰি তুলিছে বঙাইগাঁও জিলাৰ মানিকপুৰৰ বাঢ়ৈ সকলকো ৷ মানিকপুৰৰ ২নং বালাৰচৰ গাঁৱৰ এই সকল লোকে জীৱন জীৱিকাৰ একমাত্ৰ পথ হিচাপে বাছি লৈছিল বাঁহ-বেতৰ সামগ্ৰী নিৰ্মাণৰ কাম ৷ কিন্তু কৰ'ণাৰ ভয়াৱহ সংক্ৰমণৰ বাবে এতিয়া স্তব্ধ হৈ পৰিছে উপাৰ্জনৰ পথ ৷ ডলা,চালনী, কুলা,বিচনী আদি তৈয়াৰ কৰি বজাৰত বিক্ৰী কৰি কোনো মতে পৰিয়াল পোহপাল দিয়া এই বাঢ়ৈসকলৰ জীৱনলৈ হঠাৎ নামি আহিছে অমানিশা ৷

কৰ'ণাৰ সংহাৰত বিধ্বস্ত ৰাজ্যৰ বাঢ়ৈ সকল

বাঁহৰ সামগ্ৰী নিৰ্মাণেৰে পেটৰ ভাত মুঠি যোগাৰ কৰি অহা গাঁওখনৰ প্ৰায় 150 টা পৰিয়ালে বহু দিন ধৰি বজাৰ হাট নথকাৰ ফলত এতিয়া চিন্তিত হৈ পৰিছে সকলোৱে ৷ চৰকাৰ মুখলৈ বাট চাই চাই ক্ষোভিত হৈ পৰিছে গাঁওখনৰ এই সকল লোক ৷ জীৱন আৰু জীৱিকাৰ মূল উৎসটিৰ প্ৰতি ভাবুকি নামি অহাত এক প্ৰকাৰ দিক-বিদিক হেৰুৱাইছে এই উদ্যোগটোৰ লগত জড়িত ক্ষুদ্ৰ ব্যৱসায়ীসকল ৷

লগতে পঢ়ক:কাণত ধৰি পুনৰ অসমলৈ নহাৰ পণ কিয় ল’লে এজন ট্ৰাক চালকে ?

Last Updated : Jun 16, 2021, 10:31 PM IST

ABOUT THE AUTHOR

...view details