বঙাইগাঁও, 8 এপ্ৰিল : যুৱ ভোটাৰসকলক আকৰ্ষিত কৰিবলৈ বঙাইগাঁও জিলা প্ৰশাসন আৰু জিলা নিৰ্বাচনী বিষয়াৰ উদ্যোগত সোমবাৰে মুকলি কৰা হয় "সংকল্প" নামৰ এক নতুন এপ্লিকেচন ৷ বঙাইগাঁও জিলা উপায়ুক্ত আদিল খানে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা এই এপ্লিকেচন দেশত প্ৰথমবাৰৰ বাবে মুকলি কৰা হয় ৷ এই এপ্লিকেচনৰ জৰিয়তে ভোটাৰ আইডিত থকা ই'পিক নম্বৰ দিয়াৰ লগে লগে লাভ কৰিব ভোটাৰগৰাকীৰ বিতং তথ্য ৷
যুৱ ভোটাৰক আকৰ্ষিত কৰিবলৈ বঙাইগাঁৱত মুকলি "সংকল্প" এপ্লিকেচন - ভোটৰ সজাগতা
বঙাইগাঁও জিলা প্ৰশাসন আৰু জিলা নিৰ্বাচনী বিষয়াৰ উদ্যোগত মুকলি "সংকল্প" নামৰ নতুন এপ্লিকেচন ৷ ভোটাৰক আকৰ্ষিত কৰাৰ প্ৰয়াসেৰে দেশত প্ৰথমবাৰৰ বাবে মুকলি এই এপ্লিকেচন ৷
"সংকল্প" এপ্লিকেচন মুকলি
লগতে এই এপ্লিকেচনৰ জৰিয়তে নতুন ভোটাৰসকলে কেনেকৈ ভোটদান কৰিব লাগে সেই সম্পৰ্কতো জ্ঞান লাভ কৰিব পাৰিব ৷ নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি কোনো এজন ভোটাৰ যাতে ভোটাধিকাৰ সাব্যস্ত নকৰাকে নাথাকে তাৰ বাবে সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই এপ্লিকেচনৰ দ্বাৰা ভোটাৰসকলক সজাগ কৰাৰ প্ৰয়াস বঙাইগাঁও জিলা-প্ৰশাসনৰ ৷